কেন্দ্ৰক সকীয়নি উচ্চতম ন্যায়ালয়ৰ, কি ক’লে পঢ়ি জানি লওক

Supreme Court

কেন্দ্রই আজি উচ্চতম ন্যায়ালয়ক জনাইছে চাহিদা অনুসৰি পর্যাপ্ত পৰিমাণৰ অক্সিজেন আছে, আতঙ্কিত হোৱাৰ প্ৰয়োজন নাই। ক’ভিড -১৯ সম্পর্কিত বিষয়ৰ শুনানিত কেন্দ্রই পুনৰ মিছা মাতিলে, "দেশত চিকিৎসাৰ বাবে অক্সিজেনৰ অভাৱ হোৱাই নাই ৷" “ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে সৰবৰাহ বৃদ্ধি কৰা হৈছে," কেন্দ্রই কৈছে।

Coronavirus

ইয়াৰ পূৰ্বে, উচ্চতম ন্যায়ালয়ে কেন্দ্রক ৰাষ্ট্ৰীয় টিকাদান মডেল গ্রহণ কৰাৰ নির্দেশ দিছিল কাৰণ দৰিদ্র লোকসকলে ক’ৰ’না ভাইৰাছ ভেক্‌চিনৰ বাবে পইচা দিব নোৱাৰিব। "প্রান্তিক আৰু এছচি / এছটি জনগোষ্ঠীৰ কি হ’ব? তেওঁলোকক কি বেচৰকাৰী চিকিৎসালয়ৰ কৰুণাত এৰি দিয়া উচিত," এনে দৰে কোৱা হৈছিল?

শীর্ষ ন্যায়ালয়ে কৈছিল, চৰকাৰে বিভিন্ন ভেক্‌চিনৰ বাবে ৰাষ্ট্ৰীয় টিকাদান কাৰ্যসূচী বিবেচনা কৰিব লাগিব আৰু সকলো নাগৰিককে বিনামূল্যে ভেক্‌চিন দিয়াৰ কথা ভাবিব লাগিব। বেচৰকাৰী ভেক্‌চিন নির্মাতাসকলক কোন ৰাজ্যই কিমান পোৱা উচিত সেই সিদ্ধান্ত লোৱাৰ অনুমতি দিয়া নাযায় বুলি মন্তব্যত যোগ কৰিছিল শীৰ্ষ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে পুনৰ ভেক্‌চিন সমূহৰ দামক লৈ চৰকাৰৰ ওপৰত প্রশ্ন তুলিছে "চৰকাৰে কিয় এই সময়ত উৎপাদিত ১০০ শতাংশ ডোজ কিনা নাই? কিয় কেন্দ্র আৰু ৰাজ্যসমূহৰ বাবে দুটা দাম নিৰ্ধাৰণ কৰা উচিত ... যুক্তি কি?"

Social media

ইয়াৰোপৰি কেন্দ্ৰই সামাজিক মাধ্যমৰপৰা ক’ৰ’না সন্দৰ্ভত তথ্যৰ বহু পোষ্ট দিলিট কৰিবলৈ দিয়া নিৰ্দেশৰ বিষয়ে শীৰ্ষ ন্যায়ালয়খনে কৈছে যে, নাগৰিকসকলে যদি তেওঁলোকৰ সামাজিক যোগাযোগ মাধ্যমত তেওঁলোকৰ অভিযোগ উত্থাপন কৰে তেতিয়া কোনো ৰাজ্যই বাধা দিয়া উচিত নহয়। উচ্চতম ন্যায়ালয়ে কৈছে, "আমি কোনো তথ্য প্ৰকাশত বাধা নিবিচাৰো। এই ধৰণৰ অভিযোগৰ ব্যৱস্থা লোৱাৰ বাবে বিবেচনা কৰা হ’লে আমি ইয়াক ন্যায়ালয়ৰ অৱমাননা হিচাপে বিবেচনা কৰিম।"

চিন্তাৰ বিষয় যে ৩.৮৬লাখ জনৰো অধিক লোকলৈ সংক্ৰমিত হৈছে ক’ৰ’না ভাইৰাছ ৷ তাৰোপৰি যোৱা ২৪ঘণ্টাত ৩,৪৯৮ জন লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু হৈছে ৷ সাহায্যg প্রতিশ্রুতিৰে বহু দেশক লৈ বিশাল আন্তর্জাতিক সহায়তা কার্যক্রম আৰম্ভ কৰা হৈছে অভিলেখ সৃষ্টিকাৰী এই সংখ্যাৰ ফলশ্ৰুতিত।

Your Comments