দিল্লীত ক'ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ মৃত্যু

Nilakshi Bhattacharya

অসমবাসীয়ে হেৰুৱালে এগৰাকী দক্ষ সাংবাদিকক।দিল্লীত কৰ্মৰত অসমৰ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ দেহাৱসান।

ক'ৰ'নাত আক্রান্ত হৈ শুক্ৰবাৰে পুৱা দিল্লী প্ৰতীক্ষা হস্পিতালত শেষনিশ্বাস ত্যাগ কৰে টাইমচ অৱ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত অসমকন্যা নিলাক্ষীয়ে।ইফাল মৃত নীলাক্ষীৰ স্বামী কল্যান বৰুৱাও ক'ৰ'নাত আক্রান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছে।উল্লেখ্য যে কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ ব্য' চীফ।

গুৰুত্বপূৰ্ণ কথা যে মৃত মহিলা সাংবাদিক নিলাক্ষী পৰ্বতাৰোহী ৰূপে সমাদৃত আছিল।হিমালয়ৰ বহুকেইটা অভিযানত তেওঁ অংশ লৈছিল। 

গুৱাহাটী দুঃসাহসিক ক্ৰীড়া সংগঠন Explorersৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁ স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

Your Comments