ৰাজ্যত ২ আৰু ৩মে'ত ড্ৰাই ডে ঘোষণা ৰাজ্য চৰকাৰৰ

alchohol

অসম বিধানসভা নির্বাচনৰ অহা ২মে'ত হ'ব লগা ভোটগণনাৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ড্ৰাই-ডে।২ আৰু ৩ মে' দুটা দিনেই ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে।ৰাজ্যৰ আবকাৰী বিভাগে আজি সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাৰধিপতি সকলৰ লগতে জিলা সমূহৰ আবকাৰী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

নিৰ্দেশনাত উল্লেখ থকা অনুসৰি যিকেইখন জিলাত ইয়াৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিৰ ভোট গণনা তথা ফলাফল ৩মে'ৰ দিনৰ ১১বজাৰ পূৰ্বে সম্পূৰ্ণ হ'ব সেই জিলা সমূহত ৩মে’ত ড্ৰাই ডে প্ৰযোজ্য নহ’ব।

Your Comments