সংক্ৰমণৰ আশংকা বৃদ্ধি:কৰ্ণাটকত ৩,০০০ ক'ৰ'না ৰোগী সন্ধানহীন

কোভিডৰ অভূতপূৰ্ব সংক্ৰমণৰ সৈতে যুঁজি থকা কৰ্ণাটকে আন এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।সেইটো হৈছে 'নিৰুদ্দেশ' হোৱা ২,০০০ ৰ পৰা ৩,০০০ কোভিড পজিটিভ ৰোগীৰ সন্ধান কৰা।এই সন্ধানহীন কোভিড ৰোগীসকলৰ পৰা কৰ্ণাটকত সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পাইছে।

ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী আৰ অশোকাই  সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে তেওঁ ইতিমধ্যে আৰক্ষীক এই সন্ধানহীন কোভিড ৰোগীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছে।

Your Comments