ব্যাপক কোভিড সংক্ৰমণ:উত্তৰ প্ৰদেশত সপ্তাহান্তিক লকডাউনৰ সময়সীমা বৃদ্ধি

কোভিড সংক্ৰমণৰ ব্যাপকভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যোগী আদিত্যনাথ চৰকাৰে উত্তৰ প্ৰদেশৰ বাবে সপ্তাহান্তিক লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে  শুকুৰবাৰে নিশাৰ পৰা মঙলবাৰে পুৱা ৭ বজালৈ লকডাউন অব্যাহত থাকিব।

উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে যে সকলো বজাৰ,ব্যক্তিগত আৰু ৰাজহুৱা কাৰ্যালয় শুকুৰবাৰে নিশাৰ পৰা মঙলবাৰে পুৱা ৭ বজালৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ থাকিব।

এই সময়ত বজাৰ,শ্ব'পিং মল আৰু ৰেষ্টুৰাঁ বন্ধ থাকিব।ধৰ্মীয় স্থানবোৰ বন্ধ থাকিব। চৰকাৰে জনতাক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ দিছে আৰু কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িতসকলকহে নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ'ব।লকডাউনৰ সময়ত ফাৰ্মাচী, চিকিৎসালয় আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা উপলব্ধ হ'ব।

Your Comments