১৮ বছৰৰ ঊৰ্ধ্বৰ টিকাকৰণ, আজিৰপৰা আৰম্ভ পঞ্জীয়ন, কি দৰে কৰিব? জানি লওক

Covid vaccine

ক’ৰ’নাৰ মাৰাত্মক  দ্বিতীয় ঢৌৰ মাজতে আজিৰপৰা আৰম্ভ হৈছে ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ টিকাকৰণৰ নাম নথিভুক্তিকৰণ প্রক্রিয়া। সোমবাৰে ঘোষণা কৰা হয়, তৃতীয় পর্যায়ত প্ৰথম মে’ৰপৰা ১৮ বছৰৰ ঊর্ধ্বৰ সকলক ভেক্‌চিন দিয়া হ’ব। ২৮ এপ্রিল আবেলি ৪ বজাৰপৰা Co-win আৰু আৰোগ্য সেতু এপ্‌ত পঞ্জীয়ন কৰিব পাৰিব যোগ্য ব্যক্তিসকলে। Cowin.gov.in ৱেবচাইটতো নিজৰ নাম নথিভুক্ত কৰিব পাৰিব বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রালয়ে। ইয়াৰ বাবে কি কৰিব লাগিব জানি লওক।

CoWin

১) co-Win ৱেবচাইট https://www.cowin.gov.in/home ত যাব লাগিব।

২) মোবাইল নম্বৰ দিলে তাত অ’টিপি আহিব। মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব।

৩) অ’টিপি দিয়াৰ পিছত এটা পেজ খুলিব য’ত আপোনাৰ বিশদ তথ্যাদি যেনে নাম, বয়স, বাসস্থান পূৰণ কৰিব লাগিব।

৪) পৰিচয় প্রমাণৰ বাবে আধাৰ কার্ড, ড্রাইভিং লাইছেন্স, পাছপোর্ট ইত্যাদি যিকোন পৰিচয় পত্র চাব্‌মিট কৰিব লাগিব।

৫) বাসস্থান আৰু পিন কোড দিলে ভেক্‌চিন পোৱা সেই নিকটৱর্তী চিকিৎসালয় সমূহ দেখা যাব ৷ সুবিধা অনুসৰি চিকিৎসালয় বাছনি কৰি ল’ব পাৰিব আপুনি। চৰকাৰী আৰু বেচৰকাৰী উভয় চিকিৎসালয়ৰে অপচন দিয়া হ’ব ৷

Tweet

ৰেলমন্ত্রী পিযূষ গোৱেলে টুইট যোগে ১৮ বছৰৰ ঊর্ধ্বৰ সকলক ভেক্‌চিন ল’বলৈ আবেদন জনাইছে। স্বাস্থ্য মন্ত্রালয়ে জনাইছে, মঙ্গলবাৰে ৰাতি ৮ বজা পর্যন্ত প্রায় ২৪ লাখ মানুহক ভেক্‌চিন দিয়া হৈছে। দেশজুৰি টিকাকৰণৰ মাত্রা ১৪.৭৭ কোটি পাৰ হৈ গৈছে। 

Your Comments