ক'ৰ’নাৰ দ্ৰুত বৃদ্ধিৰ বাবে স্থগিত কৰা হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এক বৈঠকৰ পিছতে ৪মে’ৰ পৰা অনুষ্ঠিত হ’ব লগা পৰীক্ষাসমূহ অনিৰ্দিষ্ট সময়ৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, ৰাজ্যত ক'ৰ’নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন চৰকাৰ তথা প্ৰশাসন।ৰাজ্যৰ অধিকাংশ জিলাত ক'ৰ’না আক্রান্তৰ দ্ৰুত বৃদ্ধিত বন্ধ হৈছে শিক্ষানুষ্ঠানসমূহ।
ক'ৰ’নাৰ শেহতীয়া পৰিৱেশৰ বাবে ৰাজ্যত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে।অৱশ্যে শীঘ্ৰে ছাত্ৰ- ছাত্ৰীৰ সুবিধা হোৱাকৈ পৰীক্ষাৰ সন্দৰ্ভত ঘোষণা কৰিব কৰ্তৃপক্ষই।
- Log in to post comments
- 22 views