"২০২১মিত্ৰতা প্ৰসংগ,কংগ্ৰেছে আমাক ৰামঠগন দিলে"-অখিল গগৈৰ বিস্ফোৰক পত্ৰ

Pic

বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাকমুহূৰ্তত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত 'ৰাইজৰ দল'ৰ গুৰুত্বপূৰ্ণ  সংবাদমেল।সংবাদমেল সম্বোধন দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াৰ।

দলৰ কাৰাবন্দী সভাপতি অখিল গগৈয়ে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধীক ঐক্যবদ্ধ কৰাৰ আন্তৰিক প্ৰচেষ্টা কিদৰে বিফল হ'ল,প্ৰধান বিৰোধী শক্তি কংগ্ৰেছে 'ৰাইজৰ দল'ৰ প্ৰচেষ্টাত বিধি-পথালি দি ৰাইজক কৰা বিশ্বাসঘাটকতা উল্লেখ কৰি কাৰাবন্দী সভাপতিগৰাকীয়ে পত্ৰ প্ৰেৰণ কৰিছে অসমবাসীলৈ।বিশেষ পত্ৰখন সংবাদমেলৰ যোগে ৰাজহুৱা কৰে কাৰ্যকৰী সভাপতি শইকীয়াই।

'২০২১ৰ মিত্ৰতা প্ৰসংগ, কংগ্ৰেছে আমাক ৰামঠগন দিলে'-শীৰ্ষক শিৰোনামাৰে প্ৰেৰণ কৰিছে  পত্ৰখন।

পত্ৰখনত গগৈয়ে কংগ্ৰেছে কিদৰে প্ৰতাৰণা কৰিলে তাৰ পুংখানুপুংখভাৱে বিৱৰণ দিছে।

"কংগ্ৰেছ দলে বিজেপি বিৰোধী ঐক্যবদ্ধ মঞ্চ গঠনত চলনাময়ী ভূমিকা লৈছিল।ৰাইজৰ দলে গ্ৰহণ কৰা প্ৰতিটো আন্তৰিক প্ৰদক্ষেপক প্ৰতাৰণা-বিশ্বাঘাটকতা কৰিছিল"-পত্ৰত উল্লেখ কৰিছে।

"বিজেপি বিৰোধী ঐক্যশক্তি গঠনৰ বাবে ৰাইজৰ দলে লোৱা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে সংবাদ মেলত।দল গঠনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কৃষক মুক্তি সংগ্রাম সমিতিয়ে বৈঠকত মিলিত হৈছিল।সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতো বহুবাৰ আলোচনা কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল।ঘৰৰ কুকুৰজনী মৰাৰ অজুহাত দেখাই 'ৰাইজৰ দল'ৰ নেতৃত্বক সাক্ষাৎ কৰা নাছিল বৰদলৈয়ে"-শইকীয়াই কয়।

'জিএমচিএইচলৈ সাংসদ গৌৰৱ গগৈ আৰু ৰিপুন বৰা আহোঁতে অখিল গগৈয়ে বাস্তৱ পৰিস্থিতি সন্দৰ্ভত কৌশলগত মিত্ৰতা কৰাৰ প্ৰস্তাৱ দিছিল।কিন্তু হৈ নুঠিল।'

ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব লগা সমষ্টিৰ তালিকা কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,প্ৰদ্যুৎ বৰদলৈৰ হাতত অৰ্পণ কৰা হৈছিল।বিজেপি দলক পৰাস্ত কৰা বাবে ঐক্যবদ্ধ হৈ যুঁঁজ দিয়াৰ কথা জিএমচিএইচত কৈ সাংসদ প্ৰদ্যুত বৰদলৈয়ে হোজাই আৰু শিৱসাগৰত বিজেপিৰ বি-টিম বুলি ৰাইজৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা বুলিও উল্লেখ কৰিছে।

Your Comments