শংকৰদেৱৰ তিথি উপলক্ষে এন আই এক্টৰ অধীনত বন্ধ ঘোষণা কৰিলে অসম চৰকাৰে

শংকৰদেৱৰ তিথি উপলক্ষে এন আই এক্টৰ অধীনত বন্ধ ঘোষণা কৰিলে অসম চৰকাৰে

শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে এন.আই.এক্টৰ অধীনত কাইলৈ অসম চৰকাৰে ৰাজ্যত বন্ধ ঘোষণা কৰিছে । উল্লেখযোগ্য যে পূৰ্বতে গুৰুজনাৰ এই তিথিত চৰকাৰী বন্ধ আছিল যদিও আজি কেইবছৰ মানৰ আগৰপৰা এই বন্ধ উঠাই দিয়া হৈছিল । তাৰ পাছত চৰকাৰী পক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত দাবী উত্থাপিত হৈছিল গুৰুজনাৰ তিথিত অসম চৰকাৰে  বন্ধ ঘোষণা কৰিব লাগে বুলি । তাৰ ফলস্বৰুপে যোৱাবছৰৰ পৰা অসম চৰকাৰে গুৰু জনাৰ তিথিত প্ৰতি বর্ষতে চৰকাৰী বন্ধ ঘোষণা কৰা হ'ব বুলি আশ্বাস দিছিল আৰু যোৱা বছৰ বন্ধ দিন হিচাপে ঘোষণাও কৰিছিল ।

কিন্তু পুনৰ এই বছৰ চৰকাৰী বন্ধৰ তালিকাৰ পৰা গুৰুজনাৰ তিথিত বন্ধৰ দিনটো উঠাই দিয়া হৈছিল আৰু তাৰ প্ৰতিক্ৰিয়া সমগ্ৰ অসমত পৰা পৰিলক্ষিত হৈছিল ।আৰু সেই দাবীৰ প্ৰতি সমৰ্থন জনাই আজি অসম চৰকাৰে অহা কাইলৈ হ'ব লগা গুৰুজনাৰ ৪৫০ তম তিথি উপলক্ষে এন আই এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে । এই বন্ধৰ অধীনত অহা কালিলৈ সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় আদি বন্ধ থাকিব ।

Your Comments