ৰঙিয়াৰ এছ এছ বি কেম্পৰ কেণ্টিনত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত মূহুৰ্ততে ভষ্মীভূত তিনিটাকৈ কোঠাত মজুত ৰখা কেইবালাখ টকাৰ সা-সামগ্ৰী। ইলেক্ট্ৰনিক, কচমেটিক সামগ্ৰী সহ জুইত জাহ য়ায় আন আন সামগ্ৰী সহ নথি পত্ৰ ও ।
অগ্নিকাণ্ডৰ সময়ত হুৱাদুৱা লাগে বিষয়া জোৱানসকলৰ মাজত । পিছত ৰঙিয়া আৰু বাইহাটাৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনী ৰ গাড়ী আৰু কেম্পটোৰ জোৱানসকলৰ তৎপৰতাত নিৰ্বাপিত হয় । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত নহ’ল অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই ।
- Log in to post comments
- 50 views