কুম্ভমেলাৰ ক’ভিড প্ৰট’কল নমনা জনসমাগমে কাঢ়ি নিলে আন এজন ভাৰতীয় সংগীত জগতৰ ৰত্ন শ্ৰৱণ ৰাঠোৰক

Kumbhmela day time

সমগ্ৰ পৰিয়াল লৈ গৈছিল কুম্ভমেলাত পুণ্যস্নান কৰিবলৈ। ঘুৰি আহি ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু তেওঁ ঘুৰি নাহিল ঘৰলৈ। বৃহস্পতিবাৰে ৰাতি ১০বজাত সুৰকাৰ যুটি নাদিম-শ্রৱণৰ শ্রৱণ ৰাঠোৰৰ মৃত্যু হ’ল ক’ৰ’নাত। 

Sravan rathor

শুক্রবাৰে ৰাতিপুৱা পিতৃৰ আক্রান্ত হোৱাৰ খবৰটো সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে শ্রৱণ ৰাঠোৰৰ জ্যেষ্ঠপুত্র সঞ্জীৱ ৰাঠোৰে। তেওঁ কয়, হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলালৈ গৈছিল সপৰিয়ালে শ্রৱণ। মুম্বাইলৈ ঘুৰি অহাৰ পিছত শ্বাসকষ্ট আৰম্ভ হয় তেওঁৰ। প্রথমে তেওঁ চিকিৎসালয়ত ভর্তি হয়। পিছত তেওঁৰ পত্নী বিমলা দেৱী আৰু জ্যেষ্ঠ পুত্ৰ সঞ্জীৱো চিকিৎসালয়ত ভর্তি হয়। ঘৰতে কোৱাৰেন্টিন হৈ আছিল তেওঁৰ সৰু পুত্ৰ দর্শন। তুলনামূলকভাৱে দৰ্শনৰ শাৰীৰিক পৰিস্থিতি ভাল হৈ থকাৰ বাবে তেঁৱেই পিতৃৰ শেষকৃত্য সম্পন্ন কৰে বুলি জনাইছে শ্রৱণ-পুত্র সঞ্জীৱে। 

Kumbhmela night time

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত পুণ্যার্থীসকলৰ ভিৰৰ ছবিয়ে উৎকণ্ঠাত পেলাইছিল সকলোকে। অগণন মানুহৰ সমাগমত ক’ভিড বিধি অমান্য কৰা হৈছিল। নাছিল সামাজিক দূৰত্ব, নাছিল অধিকাংশৰ মুখত মাস্ক। প্রধানমন্ত্রীয়ে বাধ্য হৈয়ে অৱশেষত ই-স্নানৰ অনুৰোধ কৰে। সেই সিদ্ধান্ত দেৰিকৈ লোৱাৰ সমালোচনাও হৈছিল দেশত।

Your Comments