ক’ৰ’না পৰিস্থিতিত মে’ আৰু জুন মাহত বিনামূল্যে ৰেচন দিয়াৰ ঘোষণা কৰিলে মোদী চৰকাৰে। ২৬ হাজাৰ কোটি টকাৰো অধিক খৰচ হ’ব এই কাৰ্যসূচীত।
কেন্দ্রীয় চৰকাৰৰ ফালৰপৰা জনোৱা হৈছে, প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন আঁচনিৰ অধীনত চলিত বছৰৰ মে’ আৰু জুন মাহত বিনামূল্যে ৰেচন বিতৰণ কৰা হ’ব। ৫ কেজিকৈ চাউল-গম দিয়া হ’ব ৮০ কোটি মানুহক বুলি জনাইছে উক্ত ঘোষণাত।
- Log in to post comments
- 21 views