জৰুৰীকালীন ক’ভিড পৰিস্থিতিত খাদ্য ডেলিভাৰী কৰিব Zomatoএ, সুবিধাৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান Zomatoৰ

zomato

জৰুৰীকালীন ক’ভিড পৰিস্থিতিত  খাদ্য সৰবৰাহ কৰিব Zomatoএ। Apple iPhone আৰু Android phone-ত নতুনকৈ সংযোজন কৰা হৈছে নতুন ফিচাৰ।  য’ত খাদ্য অর্ডাৰ দিয়াৰ সময়ত যদি  COVID-19 emergency-ত যদি ক্লিক কৰে তেতিয়া খাদ্য যিমান পাৰি সোনকালে ডেলিভাৰী কৰা যাব। 

zomato

এই অর্ডাৰ হ’ব সংযোগবিহীন। খাদ্য দ্ৰুত ভাৱে ডেলিভাৰী কৰা যাব। কিন্তু ডেলিভাৰী কৰা ব্যক্তিজনৰ সৈতে সাক্ষাৎ নহ’ব। এইটো কেৱল মাত্ৰ ইমার্জেন্সি অৰ্ডাৰৰ ক্ষেত্রতেই প্ৰযোজ্য হ’ব। ইয়াৰ বাবে প্রয়োজন নহ’ব কোনো অতিৰিক্ত খৰছৰ। 

Zomatoৰ তৰফৰপৰা বাৰেবাৰে জনোৱা হৈছে, কোনেও যেন এই সুবিধাৰ অপব্যৱহাৰ নকৰে। এই সুবিধা কেৱল  COVID-19 emergency-ৰ ক্ষেত্রত ব্যৱহাৰ কৰাই সততাৰ পৰিচয় হ’ব। ইয়াৰ বাবে zomato-এ ৰেষ্টুৰেণ্টসমূহৰ সৈতে চুক্তি কৰিছে।

Your Comments