নগাঁৱত পৰ্যাপ্ত পৰিমাণে আছে অক্সিজেন চিলিণ্ডাৰ, ক’ভিড ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে ICU

Dr. Pator

মহামাৰী ক’ৰণাৰ দ্বিতীয়টো লহৰে ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে নগাঁও জিলাতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনত নিতৌ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ থকাত সাধাৰণ ৰাইজ শংকা বৃদ্ধি পাইছে । উল্লেখযোগ্য যে প্ৰতিদিনে নগাঁৱত ৫০জনৰো অধিক লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰি গৈ আছে। বুধবাৰলৈকে জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যাই তিনিশৰ ঘৰ অতিক্রম কৰিছে । কৰ’ণাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ “নগাঁও জিলা স্বাস্থ্য বিভাগ” সাজু হৈ উঠিছে।

নগাঁৱৰ “ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়”ৰ ক’ভিড চিকিৎসালয়ত বৰ্তমানে ২০টাকৈ ICU সাজু কৰি ৰখা হৈছে। ক’ভিড চিকিৎসালয় খনত এইপৰ্যন্ত ২১জন আক্ৰান্ত ৰোগী চিকিৎসাধীন অৱস্থাত আছে। মহাৰাষ্ট্র, দিল্লীকে ধৰি  দেশৰ বিভিন্ন স্থানত অক্সিজেনৰ নাটনিক লৈ জটিল পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতে নগাঁও জিলাত অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ 

ইয়াৰ উপৰি নগাঁও জিলাত বৰ্তমানলৈ ১ লাখৰো অধিক লোকক স্বাস্থ্য বিভাগে ক’ভিড ভেকচিন প্ৰদান কৰিছে।

Your Comments