ক’ৰ’না পৰীক্ষা নকৰাকৈয়ে বিমানবন্দৰৰপৰা পলালে ৩০০ ৰো অধিক যাত্ৰী

Airport

বিমানবন্দৰত বাধ্যতামূলক ক’ভিড পৰীক্ষা। কিন্তু পৰীক্ষা নকৰাকৈয়ে কর্তৃপক্ষৰ চকুত ধুলি দি পলাই গ’ল প্রায় ৩০০ৰো অধিক যাত্রী। বৃহস্পতিবাৰে অসমৰ শিলচৰ বিমানবন্দৰৰ এই ঘটনাত ইতিমধ্যে ক্রিমিনেল এক্টৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে কর্তৃপক্ষই ৷

ক’ৰ’নাৰ দ্বিতীয় ঢৌত প্ৰত্যেক দিনে অভিলেখ সংখ্যক সংক্রমণ ঘটিছে। বিমানত যাত্রাৰ আগত দেশৰ প্রায় সকলো বিমানবন্দৰতেই ক’ৰ’নাৰ RT-PCR টেষ্টৰ ৰিপোর্ট নিগেটিভ দেখুৱা প্রয়োজন। কিন্তু ইয়াৰ মাজতে শিলচৰ বিমানবন্দৰত ঘটিল এনে ঘটনা। বিমানবন্দৰ কর্তৃপক্ষই জনাইছে, ক’ভিড পৰেক্ষা নকৰাকৈয়ে যাত্রা কৰা গুৰুতৰ অপৰাধ। বুধবাৰে মুঠ ৬৯০ জন যাত্রী দেশৰ নানান প্রান্তৰপৰা শিলচৰলৈ আহিছে। তেওঁলোকৰ ভিতৰত ৩০০ জনে ৰিপোর্ট নেদেখুৱাকৈ আঁতৰি পলাই যায়। কেৱল মাত্ৰ টেষ্টৰ বাবে ৫০০ টকা দিব লগা হোৱাৰ বাবেই বহুলোকে নকৰাকৈ গুচি গৈছে ক’ৰ’না পৰেক্ষা।

NHM tweet

বিমানবন্দৰৰ এজন বিষয়ববীয়াই জনাইছে, 'পলাই যোৱা যাত্রীসকলৰ তথ্যাদি আমাৰ হাতত আছে। আমি তেওঁলোকক বিচাৰি উলিয়াম। ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।' এদিনত ৬৯০ জনৰ ভিতৰত ১৮৯ জনৰ ক’ৰ’না পৰেক্ষা কৰা হয় আৰু তেওঁলোকৰ ভিতৰত ৬ জন ক’ভিড পজিটিভ ওলায়। বাকীসকলৰ ভিতৰত প্রতিবেশী ৰাজ্য মণিপুৰ, মিজোৰাম, ত্রিপুৰাৰ ট্রানজিট যাত্রীসকলক যাবলৈ দিয়া হয়।

Your Comments