বৰ্ধিত ক'ৰ'না সংক্ৰমণ:পশ্চিম বংগ নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ৰ বাবে বিশাল ৰাজহুৱা সভা,ৰেলী,ৰোড শ্ব' নিষিদ্ধ

Pic

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ৰ বাবে কোনো বিশাল ৰাজহুৱা সভা,ৰেলী বা ৰোড শ্ব' অনুষ্ঠিত কৰিব নোৱাৰিব।নিৰ্বাচন আয়োগে ২২ এপ্ৰিলত সন্ধিয়া এই ঘোষণা কৰে। বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলকাতা উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ কেইঘণ্টামান পিছত নিৰ্বাচন আয়োগে এই ঘোষণা কৰে।

আয়োগৰ সূত্ৰই লগতে কয় যে ৰেলী আৰু ৰোড শ্ব'ৰ বাবে পূৰ্বৰ সকলো আদেশ বাতিল কৰা হৈছে আৰু কেৱল ৫০০ তকৈ অধিক লোক উপস্থিত নথকা সভাৰ অনুমতি দিয়া হ'ব।

 

Your Comments