ৰাজ্যৰ বিধানসভা নির্বাচনৰ ২মে'ত ঘোষণা হ'ব লগা ফলাফল কি হব!ফলাফল ঘোষণালৈ মাজত ১০টা দিন বাকী থকা মুহূৰ্তত যাদু সম্ৰাট বিক্ৰমৰ ভৱিষ্যতবাণী বন্দী হ’ল বাকচত।গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে বিক্ৰমে ১২৬টা সমষ্টিৰ জৰীপৰ ভিত্তিত সংগ্ৰহ কৰা তথ্য সংবাদ মাধ্যমৰ সন্মুখত বাকচত বন্দী কৰে। ভৱিষ্যতবাণী বন্দী বিশেষ বাকচতো সাংবাদিকৰ দ্বাৰা তলা লগাই গুৱাহাটী প্ৰেছ ক্লাবত ৰাখি থৈ যায়। ২মে'ত ফলাফল ঘোষণাৰ পিছতে ৩মে'ৰ দিনা গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ উপস্থিতিত বাকচটো মুকলি কৰিব। উল্লেখ্য যে এই বিশেষ বাকচটোত সম্ৰাট গৰাকীয়ে বন্দী কৰি ৰাখিছে ভৱিষ্যতবাণীৰ ফলাফল। তেওঁ কয় পূৰ্বতে দুবাৰ ভৱিষ্যতবাণী মিলিছে। এইবাৰো আশা কৰো ভৱিষ্যতবাণী মিলিব।
বিক্ৰমে ভৱিষ্যতবাণী বাকচটোত বন্দী কৰি কয়- “চৰকাৰ সলনি হোৱা দেখা নাযায়। কিন্তু মসৃণ নহ’ব শাসক পক্ষই চৰকাৰ গঠন কৰাত। তেৰা-বেঁকা ৰাস্তাৰে গৈ চৰকাৰ গঠন কৰিব শেষ মুহূৰ্তত”।
“নৱগঠিত আঞ্চলিক দলসমূহে কম সময় পাইছে। বিভিন্ন ঠাইত নতুন দলৰ ভূমিকা দেখা পাইছোঁ। দল সমূহৰ উত্থান নিশ্চয় আছে। দল সমূহে কম সময় পাইছে যদিও ফিল্ডত অশেষ কষ্ট কৰিছে। বহুকেইটা সমষ্টিত আসন লাভ কৰিব।ফেক্টৰ হ'ব”- বিক্ৰমে কয়।
আনহাতে দুই-এগৰাকী নাম থকা প্ৰভাৱশালী প্ৰাৰ্থীয়ো পৰাজিত হ’ব এশ শতাংশ নিশ্চিত। দেখা নাপাব বিধানসভাত বুলি ভৱিষ্যতবাণী বন্দী কৰি সম্ৰাট গৰাকীয়ে এইদৰে কয়।
উল্লেখ্য যে, ২০১৪ লোকসভা আৰু ২০১৬ বিধানসভা নির্বাচনৰ সময়তো ভৱিষ্যতবাণী কৰিছিল যাদু সম্ৰাট গৰাকীয়ে।
- Log in to post comments
- 60 views