সন্দিকৈ কলেজৰ মেধাৱী ছাত্ৰী সাবিত্ৰী বৰ্মনৰ আত্মহত্যা : মৃত্যুৰ পূৰ্বে চুইছাইড নোটত কি লিখি গ’ল পঢ়ক

Suicide

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ মেধাৱীছাত্ৰীয়ে কৰিলে আত্মহত্যা।ছাত্ৰী নিবাসৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিলে সাবিত্ৰী বৰ্মন নামৰ মেধাৱী ছাত্ৰী গৰাকীয়ে। সন্দিকৈ মহাবিদ্যালয়ৰ নিৰ্মলপ্ৰভা বৰদলৈ ছাত্ৰীনিবাসত সংঘটিত হয় এই আত্মহত্যাৰ ঘটনা।ছাত্ৰীনিবাসটোৰ আৰএন- ৩১নম্বৰ কক্ষত সংঘটিত হয় উক্ত ঘটনাটো।

ছাত্ৰী গৰাকী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কম্পিউটাৰ চাইন্স (বিচিএ)ৰ পঞ্চম ষাণ্মাসিকৰ।

উল্লেখ্য যে মৃত সাবিত্ৰীৰ ঘৰ ধেমাজি চিলাপথাৰত। পিতৃৰ নাম ডিন ৰায়। ছাত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত চুইছাইড নোটলিখি আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে হোষ্টেলৰ কোঠাৰপৰা উদ্ধাৰ কৰিছে চুইছাইড নোট।

গুৰুত্বপূৰ্ণ কথা যে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰাৰ সময়ত ভিতৰৰ পৰা কোঠাৰ দুৱাৰ বন্ধ কৰি লৈছিল ।পিছত অন্য ছাত্ৰীয়ে খিৰিকীৰে এই দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত কাষতে থকা লতাশিল আৰক্ষীয়ে হোষ্টেলত উপস্থিত হৈ হোষ্টেলৰ দুৱাৰ ভাঙি ওলমি থকা অৱস্থাত ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পিছত গুৱাহাটী মেডিকেল কলেজ  হাস্পতাললৈ মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

ইফালে চুইছাইড নোটত মৃত ছাত্ৰী গৰাকীয়ে "মৃত্যুৰ বাবে মই নিজে দায়ী।মোৰ মৃত্যুৰ বাবে কোনো তদন্ত চলাব নালাগে' বুলি লিখি থৈ যোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

Your Comments