মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল, বহু ৰথী-মহাৰথীক গ্ৰেপ্তাৰ

মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল, বহু ৰথী-মহাৰথীক গ্ৰেপ্তাৰ

পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বানত ভাৰত বন্ধৰ সময়তে গুৱাহাটীত দিছপুৰস্হিত মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতৰ নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়ায় ।
কংগ্ৰেছৰ কেইবাশ প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি জনতা ভৱন অভিমুখে ৰাওনা হয় । 

প্ৰতিবাদী দলটোক আৰক্ষীয়ে দুটাস্থানত স্তব্ধ কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বেৰিকেড নেওচি জনতা ভৱনৰ সন্মুখত আহি উপস্থিত হয় । প্ৰতিবাদকাৰীসকলে জি এছ ৰোডৰ বিভিন্ন স্থানত গাড়ী ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে । পাছত আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱত, কংগ্ৰেছ নেতা অকন বৰা, ববিতা শৰ্মা, ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে বহুসংখ্যক নেতা-কৰ্মীক আটক কৰি লৈ যায়।

Your Comments