ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ’না আক্রান্তৰ সংখ্যা। মঙলবাৰে ১৬৫১ গৰাকী লোক নতুনকৈ আক্রান্ত হৈছে ক'ৰ’নাত।
গুৰুত্বপূৰ্ণ কথা এই যে, মুঠ আক্ৰান্তৰ ৭৪২গৰাকী কেৱল কামৰূপ(ম) জিলাতেই পোৱা গৈছে ৷ এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, মঙলবাৰে ৬৭,১৫১জনক কৰা হৈছিল ক’ভিড টেষ্ট। বৰ্তমান আক্রান্তৰ হাৰ ২.৪৬%।
- Log in to post comments
- 10 views