কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংবাদমেল,কি দাবী কৰিলে পঢ়ি জানি লওঁক

Pic

অফলাইন পৰীক্ষাৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ সংবাদমেল।বিশ্ববিদ্যালয় বাকৰিত সংবাদমেল সম্বোধন স্নাতক প্ৰথম ষাণ্মাসিক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ।

সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৩ এপ্ৰিলৰ পৰা ক'ভিড প্ৰট'কল মানি স্নাতক প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ-ছাত্ৰীৰ।'বৰ্তমান অফলাইন ব্যৱস্থাত ছাত্ৰ- ছাত্ৰী পৰীক্ষাত বহাতো সম্ভৱ নহয়।ক'ৰনাত বিশ্ববিদ্যালয়ৰ ৮-৯ জন ছাত্ৰ-ছাত্ৰীৰ আক্রান্ত হোৱা খবৰ ইতিমধ্যে প্ৰকাশ পাইছে।নিতৌ আক্রান্ত খবৰ হোৱাৰ আহি আছে।তেনে স্থলত ছাত্ৰ-ছাত্ৰীসকলে কিদৰে অফলাইন পৰীক্ষাত বহিবলৈ সাহস কৰিব।'-সংবাদ মেলত ছাত্ৰ-ছাত্ৰীৰ বক্তব্য।

পৰীক্ষা-গৃহত সামাজিক দূৰত্ব মানি চলাটো সম্ভৱ কিন্তু পৰীক্ষাত এডমিট কাৰ্ড নিয়া পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈ অহালৈকে কিদৰে ছাত্ৰ-ছাত্ৰীয়ে মানি চলিব সামাজিক দূৰত্ব।

"ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে অন্য বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে বিকল্প পদ্ধতি,কিন্তু কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাই"-দাবী ছাত্ৰ সমাজৰ।

ছাত্ৰ-ছাত্ৰীৰ দাবী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ সময়সূচী হয় পিছুৱাই দিয়ক অন্যথা অনলাইন পদ্ধতিত অনুষ্ঠিত কৰক পৰীক্ষা।লগতে বিষয়টোৰ শীঘ্ৰে সমাধান কৰিবলৈ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ছাত্ৰ সমাজে।

Your Comments