ৰাজ্যত ক'ৰ'না প্ৰতিৰোধৰ বাবে তৎপৰ প্ৰশাসন।ডিব্ৰুগড় জিলাত মঙলবাৰৰ পৰা প্ৰশাসনে বাতিল কৰিছে সকলো বিহু অনুষ্ঠান।দেওবাৰৰ দিনটোত জিলাখনত ২৬গৰাকী ব্যক্তি ক'ৰ'নাত আক্রান্ত হৈছিল।বৰ্তমান জিলাখনত ক'ভিড আক্রান্তৰ সংখ্যা ৩০৬জনলৈ বৃদ্ধি পালে।
উল্লেখ যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তিনিশৰো অধিক ক'ভিড আক্রান্ত থকা জিলাত বিহুৰ লগতে অন্যান্য সকলো অনুষ্ঠান বাতিলৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছিল।জিলা প্ৰশাসনে আজি আবেলি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিব।কিয়নো বৰ্তমান তিনিশৰো অধিক আক্ৰান্ত চিনাক্ত হৈছে জিলাখনত।
গুৰুত্বপূৰ্ণ যে কামৰূপ(ম) জিলাত প্ৰশাসনে ইতিমধ্যে সকলো বিহু অনুষ্ঠান বাতিল কৰিছে।
- Log in to post comments
- 25 views