দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্ষেত্ৰত জাৰি কৰা হৈছে স্থগিতাদেশ। কিন্তু CBSEৰ নিচিনাকৈ মেট্ৰিক পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰা নাই ছেবাই। পূৰ্বৰ নিৰ্ধাৰিত সময়তে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷পূৰ্বৰ নিৰ্ধাৰিত সময়তে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷
ৰাজ্যত কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত হ'ব ৰাজ্যৰ শিক্ষা বিভাগে। কোভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব H.S পৰীক্ষাৰ্থীসকলক। যাৰ বাবে পূৰ্বতকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃদ্ধি কৰিছে পৰীক্ষাকেন্দ্ৰ।
এইবাৰ ৮২০ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ২,৪৯,৩৯৯ গৰাকী পৰিক্ষাৰ্থী। ইয়াৰে কলা শাখাত ১,৭৫,১৭৫ গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮ গৰাকী,বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত ৮৬৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ বহীৰ মূল্যায়নৰ বাবে ৬ টা ভেন্যু, ৪৮ টাকৈ জ'ন ৰখা হৈছে।
- Log in to post comments
- 34 views