প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ দেহাৱসান।দিছপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কংগ্ৰেছ জ্যেষ্ঠ নেতাগৰাকীৰ।দেওবাৰে সন্ধিয়া ৬.২০বজাত শেষ নিশ্বাস ত্যাগ বৰ্মনৰ।
দীর্ঘদিন ধৰি বৃক্ক ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল বৰ্মন।
১৯৩১চনৰ ১২ অক্টোবৰত জন্ম গ্ৰহণ কৰা বৰ্মনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯বছৰ।
প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত ১৯৯৬চনত ২২দিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী।অসম বিধাসভালৈ বৰ্মন ৭বাৰ নিৰ্বাচিত হৈছিল।
- Log in to post comments
- 17 views