বিহু আয়োজক সমিতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ প্ৰদান অসম আৰক্ষীৰ।ক'ৰ'না প্ৰতিৰোধৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিশা ১১বজাত অনুষ্ঠান সামৰণি নমৰা বিহু আয়োজক সমিতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ঘোষণা অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক জি পি সিঙৰ।টুইটযোগে আৰক্ষী বিষয়াগৰাকীয়ে জনালে এই কথা।
উল্লেখ যে ৰাজ্যত ক'ৰ'না ভাইৰাচৰ দ্ৰুত সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগক।প্ৰত্যেক দিনাই ৰাজ্যত নতুন কভি'ড আক্রান্ত চিনাক্ত হ'বলৈ ধৰিছে।
- Log in to post comments
- 14 views