অচিৰেই পৃথিৱীৰ গাৰ কাষেৰে পাৰ হৈ যাব ফুটবল খেলপথাৰৰ আকাৰৰ এক গ্রহাণু!

Universe

মহাকাশত সদায় ঘুৰি ফুৰিছে নানা মহাজাগতিক উপাদান। প্রায়ে পৃথিৱীৰ কাষলৈ গতি কৰিছে নানা গ্রহাণুৱে। এই সন্দৰ্ভত চর্চা আৰু উদ্বেগৰ শেষ নাই। 

মহাশূন্যত ভাহিঁ আছে পৃথিৱী । মহাশূন্যতেই ভাহিঁ আছে আন গ্রহ, উপগ্রহ, গ্রহাণু। ফলত কেতিয়াও কোনটো পৃথিৱীৰ কাষলৈ আহি যায় তাক লৈ বিজ্ঞানীসকলৰ উদ্বেগ অতি স্বাভাৱিক। নাছাই সেয়ে নিৰন্তৰ গৱেষণা চলাই নিছে গ্রহাণুবিলাকৰ গতিবিধি সন্দৰ্ভত।

সেই পর্যবেক্ষণৰেই ফলস্বৰূপে সম্প্রতি নাছাই জনাইছে, পৃথিৱীৰ কক্ষপথৰ কাষলৈ অন্য এটা গ্রহাণু ক্ৰমশঃ আগবাঢ়ি আহিছে। গ্রহাণুটোৰ নাম- AF8। জানিবলৈ পোৱা গৈছে, ইয়াৰ আয়তন এখন ফুটবল খেলপথাৰৰ সমান। ইয়াৰ ব্যাস ২৬০ ৰপৰা ৫৮০ মিটাৰৰ ভিতৰত।

গ্রহাণুটো প্রতি ছেকেণ্ডত ৯ কিলোমিটাৰ বেগেৰে  মহাশূন্যত গতি কৰিছে। পৃথিৱীৰ কক্ষপথৰ ৩.৪ মিলিয়ন কিলোমিটাৰ ওচৰত এই গ্ৰহাণুটোৱে অৱস্থান কৰিব। নাছিৰ বিজ্ঞানীসকলৰ দাবী- ইয়াৰ পৰা বিপদৰ আশঙ্কা থাকিবও পাৰে!

২০২০ চনত প্রথম গ্রহাণুটো সম্বন্ধে জানিবলৈ পোৱা গৈছিল। তাৰপিছৰ পৰা এই গ্রহাণুটোক কেন্দ্ৰ কৰি বৰ্তমানলৈকে মুঠ ১৫৭টা পর্যবেক্ষণ সম্পূৰ্ণ কৰা হৈছে। তাৰ ভিত্তিতেই নিশ্চিত হোৱা গৈছে, ৪ মে’ত গ্রহাণুটো পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। যদিও তাৰপিছত ঠিক কি হ’ব, সেই সন্দৰ্ভত কোনো কথা নিশ্চিতকৈ ক’ব পৰা নাই বিজ্ঞানীসকলে। 

Your Comments