নিৰাপত্তাৰ প্ৰশ্নত কাষ চাপিছে শ্ৰীলঙ্কা-ভাৰত

India-Srilanka

কাষ চাপিছে ৰাম-ৰাৱণৰ দেশ। ভাৰতৰ পৰা নিৰাপত্তা জনিত সহায় বিচাৰিছে শ্রীলঙ্কাই ৷ ভাৰতেও শ্রীলঙ্কাক এই সহায় কৰিবলৈ আগ্ৰহী।  

মৌলবাদীসকলকলৈ বহুদিন ধৰিয়েই ভুগিছে শ্রীলঙ্কাই । এই সন্দৰ্ভত আতঙ্কিত সেই দেশৰ সাধাৰণ জনতা। শ্রীলঙ্কাৰ মাটিত দীর্ঘদিন ধৰি এই ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপ চলিছে বুলি জানিব পৰা গৈছে ৷ শ্রীলঙ্কাৰ সন্ত্ৰাসবাদী কার্য-কলাপ সমূহ ধৰিবলৈ ভাৰতত ব্যৱহৃত নেটৱর্কেই ব্যৱহাৰ কৰিবলৈ বিচাৰিছে ভাৰতে।

Srilanka

সম্প্রতি ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ কমিছনৰ এটা শ্রীলঙ্কা-বিৰোধী প্রস্তাৱৰ ভোট গ্ৰহণৰপৰা আঁতৰি আহি কলম্বোৰ দিশে ইতিবাচক বার্তা দিছে নতুন দিল্লীয়ে। এইবাৰ কলম্বোৱেও ক’ৰ’না প্ৰতিৰোধৰ বাবে চীনা  প্রতিষেধক পৰিহাৰ কৰি ভাৰতত আৱিষ্কৃত টিকাৰ ওপৰতেই ভৰসা ৰাখিছে। দুইদেশৰ এই নব্য বন্ধুত্বৰ বাতাবৰণে, এইবাৰ ভাৰত-শ্রীলঙ্কা নিৰাপত্তা ক্ষেত্রতো নতুনকৈ বন্ধুত্ব হ’বলৈ আগবাঢ়িছে বুলি খবৰ পোৱা গৈছে।

কূটনৈতিক সূত্রৰ খবৰ অনুসৰি, ভাৰতৰ সৈতে সন্ত্ৰাসবাদী নেটৱর্ক সন্দৰ্ভত ঘনিষ্ঠ যোগাযোগ ৰাখিছে কলম্বোৱে। ইয়াৰ লগতে পশ্চিম এছিয়া আৰু দক্ষিণ আৰু পূর্ব আফ্রিকাৰ দেশসমূহৰ যোগাযোগ সংক্রান্তীয় অনুসন্ধানত ভাৰতীয় অনুসন্ধানকাৰীসকলৰ সাহায্য লোৱা হৈছে। জানিবলৈ পোৱা গৈছে, শ্রীলঙ্কা যোৱা বহু বছৰ ধৰি ইছলামি সন্ত্রাসবাদীসকলৰ ঘাটি হৈ উঠিছে। সমুদ্রপথত বিভিন্ন অপৰাধ চলোৱাৰ ভূখণ্ড হিচাপে দেশখনক কাৰ্যত লগোৱাৰ বিষয়টো বহুল চর্চিত। ২০১৯ চনৰ এপ্রিল মাহত শ্রীলঙ্কাৰ গীর্জা আৰু হোটেলত উগ্ৰপন্থী আক্ৰমণৰ পিছত বিষয়টোৰ স্পর্শকাতৰতা অধিক বৃদ্ধি পাবলৈ ধৰিছে ৷

President

২০১৯ চনৰ নৱেম্বৰ মাহত গোতাবায়া ৰজাপক্ষ দেশৰ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পিছত শ্রীলঙ্কাৰপৰা মৌলবাদ উৎখাতৰ প্রতিশ্রুতিও দিছিলে।

Your Comments