ন’ৰা আল্‌-মাট্ৰোছি হ’বলৈ আগবাঢ়িছে আৰৱৰ প্ৰথম মহিলা মহাকাশচাৰী

Noura

এজন কবিয়ে নাৰীক অৰ্ধ আকাশ বোলা কথাষাৰ সত্য প্ৰমাণিত কৰিবলৈ আগবাঢ়িছে বৰ্তমান সংযুক্ত আৰৱ আমিৰাত(UAE) ৷

সংযুক্ত আৰৱ আমিৰাতৰ প্রথম মহিলা মহাকাশচাৰীক লৈ স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডুবাইৰ শাসক শ্বেইখ মহম্মদ বিন ৰাছিদ আল মাকটউমৰ দেশৰ প্রথম মহিলা মহাকাশচাৰী হিচাপে নিৰ্বাচন কৰা হৈছে ২৭বছৰীয়া ন’ৰা আল মাট্ৰোছিক। মাট্ৰোছিৰ সৈতে নির্বাচিত হৈছে এজন পুৰুষো। তেওঁৰ নাম মহম্মদ আল-মুল্লা।

আৰৱত এই প্রথম মহাকাশচাৰীৰ প্রশিক্ষণ লোৱাৰ সুযোগ পাব এগৰাকী মহিলাই। নাছাৰ ২০২১ চনৰ মহাকাশচাৰী প্রশিক্ষণ কাৰ্যসূচীত যোগ দিব ন’ৰা-উল-মাট্ৰোছিয়ে।

২০২৪ চনৰ ভিতৰত চন্দ্ৰলৈ ৰোভাৰৰ দৰে যান পঠাবলৈ বিচাৰিছে আমিৰশ্বাহিয়ে। ২১১৭ চনৰ ভিতৰত মঙ্গলত ঘাটি পাতিবলৈও বিচাৰি আছে তেওঁলোকে।

উল্লেখ্য, ২০১৯ চনত আন্তর্জাতিক মহাকাশ ষ্টেচনলৈ গৈছিল আমিৰাতৰ প্রথম মহাকাশচাৰী হাজ্জা আল মনচুৰি।

Your Comments