বটদ্ৰৱাত সুধাকণ্ঠৰ জন্মদিনত বিশ্ব সাক্ষৰতা তথা হাতধোৱা দিৱস উদ্‌যাপন

বটদ্ৰৱাত সুধাকণ্ঠৰ জন্মদিনত বিশ্ব সাক্ষৰতা তথা হাতধোৱা দিৱস উদ্‌যাপন

নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ বটদ্ৰৱা এলেকাৰ বিভিন্ন বিদ্যালয়ত শনিবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিৱসটি পালন কৰা হয় ৷ ইয়াৰ লগত সংগতি ৰাখি উদ্‌যাপন কৰা হয় বিশ্ব হাতধোৱা দিৱসৰ লগতে সাক্ষৰতা দিৱস ৷ 

বটদ্ৰৱা মণ্ডল সমল শিক্ষা খণ্ডৰ খণ্ড সমল শিক্ষা সমন্বয়ক ৰামপ্ৰসাদ নাথৰ তত্ত্বাৱধানত বিদ্যালয়সমূহৰ কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আৰু অভিভাৱকসকলে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ববন্দিত শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰে ৷

বটদ্ৰৱাত সুধাকণ্ঠৰ জন্মদিনত বিশ্ব সাক্ষৰতা তথা হাতধোৱা দিৱস উদ্‌যাপন

 বটদ্ৰৱা বালিকা বুনিয়াদী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে…' শীৰ্ষক গীতটো সমস্বৰে পৰিবেশন কৰি সমগ্ৰ বাতাবৰণ সংগীতময় কৰি তোলে ৷ 

ইয়াৰোপৰি বটদ্ৰৱা চি আৰ চিৰ অধীনৰ প্ৰতিখন বিদ্যালয়তে আজি ছাত্ৰ-ছাত্ৰীসকলে অসম ৰত্ন, যাযাবৰী শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বালন, পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ বিদ্যালয়সমূহত মণ্ডল সমল শিক্ষা সমন্বয়ক ৰামপ্ৰসাদ নাথ উপস্থিত হৈ শিক্ষাৰ্থীসকলক সুধাকন্ঠৰ জীৱন পৰিক্ৰমা সম্পৰ্কে বিশদভাৱে অৱগত কৰে ৷ 

ইপিনে আজি বটদ্ৰৱা মণ্ডল সমল শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালযসমূহত বিশ্ব হাতধোৱা দিৱসৰ লগতে বিশ্ব সাক্ষৰতা দিৱসটিও পালন কৰা হয় ৷ এই উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে কি পদ্ধতিৰে হাত চাফা কৰিব লাগে সেয়া দেখুৱাই দিয়াৰ লগতে দিৱস দুটাৰ তাৎপৰ্য বুজাই দিয়ে শিক্ষাগুৰুসকলৰ লগতে সংশ্লিষ্ট চি আৰ চিয়ে ৷

Your Comments