বিধায়ক ক্ৰয়-বিক্ৰয়ৰ আশংকা:মহাজোঁটৰ প্ৰাৰ্থীক বৰ্হিৰাজ্যত ৰখাৰ সিদ্ধান্ত

Pic

বিটিচিৰ পৰিষদীয় নির্বাচনৰ পৰা শিক্ষা ল'লে মহাজোঁটে।বিধায়ক ক্ৰয়-বিক্ৰয় ৰোধিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।ফলাফল ঘোষণাৰ পূৰ্বে যাতে মহাজোঁঁটৰ কোনো প্ৰাৰ্থীক অন্য ৰাজনৈতিক দলে যাতে ক্ৰয় কৰিবলৈ নোৱাৰে, তাৰ বাবে অধিক সচেতনতা অৱলম্বন মহাজোঁঁটৰ অংশীদাৰী দলসমূহৰ।

ফলাফল ঘোষণাৰ পূৰ্বে বিধায়ক ক্ৰয়-বিক্ৰয়ৰ আশংকাত মহাজোঁঁটৰ প্ৰাৰ্থীসকলক বৰ্হিৰাজ্যত ৰখাৰ সিদ্ধান্ত।এআইইউডিফে নিজৰ প্ৰাৰ্থীসকলক ইতিমধ্যে প্ৰেৰণ কৰিছে      বৰ্হিৰাজ্যলৈ।আজি বিয়লি কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে এৰিব অসম।

ইফালে,মহাজোঁঁটৰ অংশীদাৰী দল বিপিএফৰ প্ৰাৰ্থীসকলক দলৰ নেতৃত্বই তলব কৰিছে কোকৰাঝাৰলৈ।দুই-এদিনতে তেওঁলোককো বৰ্হিৰাজ্যলৈ নিয়া হ'ব।

Your Comments