ঘৰত বহিয়েই ড্ৰাইভিং লাইচেন্স! নতুন নিৰ্দেশিকা জাৰি কেন্দ্ৰৰ

Driving license

ড্রাইভিং লাইচেন্স ৰপৰা আৰম্ভ কৰি ভেহিকল ৰেজিষ্ট্ৰেচন এতিয়াৰপৰা ঘৰত বহিয়েই পাব। ইয়াৰ বাবে আৰু RTO অফিছলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰত বহি অনলাইনত গ্রাহকসকলে এই সকলো সুবিধা পাব বুলি নতুন নির্দেশিকাত জনাইছে কেন্দ্রীয় পৰিবহণ আৰু পথ উন্নয়ন মন্ত্রালয়ে। লার্নাৰ্ছ ড্রাইভিং লাইচেন্সৰ বাবেও আবেদন অনলাইনতেই কৰিব পাৰিব।

Driving license

ইয়াৰোপৰি লাইচেন্স মুদ্রণ, ইলেক্ট্রনিক ছার্টিফিকেট, মেডিকেল প্ৰমাণপত্ৰ, লার্নার্ছ লাইচেন্স, ড্রাইভিং লাইচেন্সৰ পুনর্নবীকৰণো অনলাইনৰ মাধ্যমেৰেই কৰিব পাৰিব। সহজ কিছু টিউটোৰিয়েলৰ মাধ্যমেৰে অনলাইনতেই হ’ব ড্রাইভিং টেষ্ট। ক’ৰ’নাৰ প্ৰকোপৰ বাবে লাইচেন্সৰ টেষ্টৰ বাবে RTO অফিছলৈ যোৱাৰ কোনো প্রয়োজন নাই।

Driving license

মন্ত্রালয়ৰ তৰফৰপৰা এখন চাৰ্কুলাৰ জাৰি কৰি জনোৱা হৈছে যে, সমগ্ৰ দেশতেই বৃদ্ধি পাবলৈ ধৰা ক’ৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নথিসমূহ অহা ৩০ জুন ২০২১ পর্যন্ত বৈধ হিচাপে বিবেচিত হ’ব। কেন্দ্রীয় পৰিবহন আৰু পথ উন্নয়ন মন্ত্রালয়ৰ ৱেবছাইটৰ এক ৰিপোর্ট অনুসৰি, দেশজুৰি হাজাৰৰো অধিক Road Transport Offices (RTOs) কম্পিউটাৰাইজড কৰা হৈছে। RTO-ৰ দ্বাৰা অনলাইনত ইছ্যু কৰা ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট আৰু ড্রাইভিং লাইচেন্স সমগ্ৰ দেশতেই বৈধ হ’ব।

Your Comments