জেংৰাইমুখ মহাবিদ্যালয়ত ভোট গণনাৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্হিতি

জেংৰাইমুখ মহাবিদ্যালয়ত ভোট গণনাৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্হিতি

জেংৰাইমুখ মহাবিদ্যালয়ৰ ২০১৮ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনাত বিসংগতিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি কৰে সাধাৰণ সম্পাদকৰ পদত পৰাজিত বুলি ঘোষণা কৰা অঞ্জনজ্যোতি পেগুৰ সমৰ্থনকসকলে ।

প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে  জেংৰাইমুখ মহাবিদ্যালয়ৰ চৌহদ ঘেৰাও কৰি পুনৰ ভোট গণনাৰ দাবী কৰাৰ লগতে শীঘ্রে পুনৰ ভোট গণনা ঘোষণা কৰক, মহাবিদ্যালয় নিৰ্বাচনত ৰাজনীতিকৰণ বন্ধ কৰক, আমাক ন্যায় লাগিব, স্বজন-তোষণ বন্ধ কৰক, পুনৰ নিৰ্বাচন বন্ধ কৰক আদি শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

প্ৰায় দুঘণ্টা ধৰি ন্যায় বিচাৰি প্ৰতিবাদ কৰি থকা শিক্ষাৰ্থী প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী আৰু চি আৰ পি এফে পিছত লাঠিচালনা কৰে । দুয়োপক্ষৰ মাজত হোৱা ঠেলা-হেঁচা তথা শিল দলিওৱা ঘটনাত ৰানু দলে নামৰ শিক্ষাৰ্থীগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত নিলোৎপল দলে আৰু অঞ্জনজ্যোতি পেগুৰ মাজত তীব্র প্ৰতিদ্বন্দ্বিতা হয় ।

সেইমতে দুয়োগৰাকীয়ে ১৭৯টা ভোট লাভ কৰি ড্ৰ হয় । ইয়াৰ পিছত পুনৰ গণনা কৰোঁতে নিলোৎপল দলেই লাভ কৰে ১৮২ আৰু অঞ্জনজ্যোতি পেগুৱে লাভ কৰে ১৭৮টা ভোট ।

কি যুক্তিৰ আধাৰত চাৰিটা ভোটৰ ব্যৱধান হ'বলৈ পালে বুলি অভিযোগ কৰি অঞ্জনজ্যোতি পেগুৰ সমৰ্থকসকলে মহাবিদ্যালয়ৰ চৌহদৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । বিতৰ্কিত নিৰ্বাচন সন্দৰ্ভত পুনৰ গণনাৰ দাবীত জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱকুমাৰ পেগুক স্মাৰক-পত্র কৰে অঞ্জনজ্যোতি পেগু তথা সমৰ্থকসকলে ।

পিনে জেংৰাইমুখ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত মনোজ মিলি আৰু উৎসৱ পদত দেওৱৰ পেগু বিজয়ী হয় ।

Your Comments