ভোটাধিকাৰ সাব্যস্ত কৰি হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: পূৰ্বতকৈ বিজেপি মিত্ৰজোঁটৰ আসন বৃদ্ধি পাব

Himanta biswa sarma

আমিনগাওঁ বেংগলী হাইস্কুলত পুৱাই পৰিয়ালৰ লগত ভোটদান সাব্যস্ত কৰিলে জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ভোটাধিকাৰ সাব্যস্ত কৰি মন্ত্ৰী শৰ্মাই প্ৰৱল আত্মবিশ্বাসেৰে কয় তৃতীয় পৰ্যায়ৰ ৪০খন আসনৰ ২২খনত জয়ী হ'ব বিজেপি মিত্ৰজোঁট।পূৰ্বে ৮০শতাংশৰ আশে-পাশে ভোটদান হয় জালুকবাৰী সমষ্টিত।এইবাৰো ইয়াৰ কম নহ’ব বুলিও তেওঁ কয়।

উল্লেখ্য, অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী গৰাকীয়ে সদম্ভে কয়- ২০১৬ চনত বিজেপি মিত্ৰজোঁটৰ ৮৪ খন আসন আছিল।এইবাৰ এই সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত।

ইফালে মন্ত্ৰী গৰাকীৰ পত্নী ৰিণিকি ভূঞাই ভোটাধিকাৰ সাব্যস্ত কৰি কয়- জালুকবাৰীত ডঃ হিমন্ত বিশ্ব শৰ্মা জয়ী হোৱাটো নিশ্চিত।বিগত ২০ বছৰে সমষ্টিবাসীৰ বাবে তেওঁ কৰা কৰ্মৰ বাবে জয়ী হোৱাটো নিশ্চিত।


যোৱা ২০ বছৰে জালুকবাৰী সমষ্টিৰ পৰিয়ালসমূহলৈ পৰিৱৰ্তন আহিছে।দাদাক ভোট দিম বুলি সকলো আহিছে- পত্নী গৰাকীয়ে লগতে কয়।

Your Comments