অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত দেশৰ প্ৰতিৰক্ষা বিভাগত ৰাফেল বিমান ক্ৰয়ত ৪১ হাজাৰ ২০৫ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ তুলি বিষয়টো যুটীয়া সংসদীয় কমিটীৰ জৰিয়তে তদন্ত কৰিবলৈ কংগ্ৰেছ দলে দাবী জনাইছে ।
প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেল সম্বোধন কৰি বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি দলৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহে দেশজুৰি এক হাহাকাৰ আৰু অচলাৱস্থাৰ সৃষ্টি কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
স্বাধীনোত্তৰ কালত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াভাৱে "ৰাফেল বিমান" ক্ৰয় কৰাৰ নামত ৫০ হাজাৰ কোটিৰো অধিক ধনৰ কেলেংকাৰী সংঘটিত কৰি অভিলেখ গঢ়া বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ।
দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদে আঁতধৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৱ তালুকদাৰ, সম্পাদক প্ৰাণজিৎ চৌধুৰী, আমন্ত্ৰিত সদস্য সত্যৰাণী কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, বিধায়ক ইলিয়াছ আলি, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদ,
জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী ডেকা, কংগ্ৰেছ সেৱা দলৰ চন্দন বৰুৱা উপস্থিত থকা সংবাদমেলখনত প্ৰাক্তন মন্ত্ৰী বৰদলৈয়ে কয়- ২০১২ চনতে সেই সময়ৰ কংগ্ৰেছৰ আমোলত গঠিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিঙে ফ্ৰাণ্সৰ লগত বুজাবুজিৰ চুক্তি সম্পাদন কৰি ৫ শ ২৬ কোটি টকীয়া ১২৬খন ৰাফেল যুঁজাৰু বিমান অনাৰ সিন্ধান্ত গ্ৰহণ কৰিছিল ।
কিন্ত বিগত নিৰ্বাচনত ভোটাৰ ৰাইজৰ মাজত ভুৱা প্ৰতিশ্ৰুতি তথা মিছলীয়া কথা কৈ শাসনৰ গাডীত বহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ চুক্তি বাতিল কৰি ১৬৭০ কোটিৰ অত্যধিক মূল্যত মাত্ৰ ৩৬খন ৰাফেল বিমান ক্ৰয় কৰি বৃহৎ কেলেংকাৰী সংঘটিত কৰে ।
আম্বানী কোম্পানীয়ে যোগান ধৰা উৰাজাহাজত উঠি বিদেশ ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুকেশ আম্বানী, অনিল আম্বানীৰ পৰম বন্ধু বুলি সংবাদমেলত কংগ্ৰেছ নেতা বৰদলৈয়ে উল্লেখ কৰে ।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিহাস সৃষ্টি কৰা বৃহৎ ৰাফেল বিমান কেলেংকাৰীৰ নেপথ্যত থকা ৰিলায়েন্স ডিফেণ্স লিমিটেড নামৰ কোম্পানীটোৱেই মোডী-আম্বানীৰ মাজত থকা বুজাবুজিৰ উৎকৃষ্ট প্ৰমাণ বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ।
দেশত বিমুদ্ৰাকৰণেৰে বেকাৰ আৰু এক অস্থিৰ পৰিবেশৰ সূচনা কৰা এইখন এন ডি চৰকাৰৰ নেতৃত্বত দেশ কেতিয়াও সুৰক্ষিত নহয় বুলি উল্লেখ কৰে । পুঁজিপতি আম্বানী পৰিয়ালৰ ১৮টা টিভি চেনেলৰ সৈতে একাংশ সাংবাদিক মোডী আৰু অমৃত শ্বাহৰ পকেটত সোমাই পৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।
শেহতীয়াভাৱে মোডী চৰকাৰে অত্যধিক মূল্যবৃদ্ধি ঘটোৱা বিশেষকৈ পেট্ৰ'ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে অহা ১০ ছেপ্টেম্বৰত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কংগ্ৰেছে আহ্বান জনোৱা "ভাৰত বন্ধ" সফল কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নেতাজনে আহবান জনায় ।
- Log in to post comments
- 43 views