এডিপি কলেজৰ হীৰক জয়ন্তীত বৰ্ণাঢ্য শোভাযাত্ৰাৰে জীপাল হৈ উঠিল নগাঁও চহৰ

 এডিপি কলেজৰ হীৰক জয়ন্তীত বৰ্ণাঢ্য শোভাযাত্ৰাৰে জীপাল হৈ উঠিল নগাঁও চহৰ

১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা মধ্য অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনা সমগ্ৰ নগাঁও চহৰতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

আজি পুৱা হীৰক জয়ন্তী উপলক্ষে নগাঁও চহৰত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ চহৰখনতে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে । এই শোভাযাত্ৰা উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাই ।

মহাবিদ্যালয় চৌহদৰ পৰা নগাঁও চহৰৰ মাজেৰে যোৱা এই বৰ্ণিল শোভাযাত্ৰাত আজি প্ৰায় ৫ হাজাৰৰো অধিক ছাত্র-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী, ন-পুৰণি অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰী তথা শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয়খনৰ ২২টা বিভাগৰ ছাত্র-ছাত্ৰীয়ে সুকীয়া সুকীয়াকৈ এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অংশগ্ৰহণ কৰে । অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংস্কৃতি অতি সাৱলীল ৰূপত এই শোভাযাত্ৰাত তুলি ধৰা হয় ।

অসংখ্য বিষয়ৰ প্ৰতীকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰায় ডেৰ কিলোমিটাৰজোৰা এই বিশাল শোভাযাত্ৰাই নগাঁও চহৰত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে ।

 এডিপি কলেজৰ হীৰক জয়ন্তীত বৰ্ণাঢ্য শোভাযাত্ৰাৰে জীপাল হৈ উঠিল নগাঁও চহৰ

ইয়াৰ পাছত দিনৰ এক বজাৰ পৰা আৰম্ভ হয় গুৰু-শিষ্যৰ মিলন সমাৰোহ । এই অনুষ্ঠানটি মুকলি কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই । বিয়লি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হয় ।

এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা উদ্‌যাপন সমিতিৰ সভাপতি সহজানন্দ ওজা, প্ৰাক্তন ছাত্ৰ নৱ মহন্ত, প্ৰাক্তন ছাত্ৰ লাচিত বৰদলৈ, মহাবিদ্যালয়ৰ প্ৰথমগৰাকী ছাত্ৰী জেৰিন বৰুৱা, প্ৰাক্তন ছাত্ৰ হলিৰাম চমুৱাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে ।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকসকলক সমৰ্ধনা জনোৱা হয় ।

এই সভাখনৰ আঁ‌তধৰে মহাবিদ্যালয়খনৰে অধ্যাপক তথা প্ৰাক্তন ছাত্ৰ ডঃ পীয়ূষ দেৱনাথে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ পাছতেই সন্ধ্যা প্ৰাক্তন ছাত্র-ছাত্ৰীৰ দ্বাৰা এখন বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটি মুকলি কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই ।

Your Comments