এফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাই কা সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি জনতাৰ ৰোষত পৰিছিল অভিনেত্ৰী গৰাকী।
সেই সন্দৰ্ভত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা পিযুষ হাজৰিকাই আইমী বৰুৱাৰ ভাইৰেল ভিডিঅ’ প্ৰচাৰ কৰাকলৈ মাফিয়া কায়দাৰে ফোনযোগে জাগীৰোডৰ দুই সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। এই সন্দৰ্ভত ৰাজ্যৰ সচেতন মহল ক্ষোভিত হোৱাৰ উপৰিও বিভিন্ন ঠাইত ৰাজ্যৰ সাংবাদিক সকলে গৰিহণা দিয়াৰ লগতে আজি পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।
আনহাতে, ক্ষমতাৰ বলত বলীয়ান হৈ আন কাকো ভ্ৰূক্ষেপ নকৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’লে নিৰ্বাচন আয়োগে। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷
- Log in to post comments
- 5 views