ডবকা হাজী আনফৰ কলেজৰ নৱাগত আদৰণী সভাত উন্মোচন দুখনকৈ গ্ৰন্থ

ডবকা হাজী আনফৰ কলেজৰ নৱাগত আদৰণী সভাত উন্মোচন দুখনকৈ গ্ৰন্থ

ডবকাৰ ঐতিহ্যমণ্ডিত হাজী আনফৰ আলী কলেজৰ ২০১৮ বৰ্ষৰ নৱাগত আদৰণী সভা আজি ব্যাপক উলহ-মালহেৰে অনুষ্ঠিত কৰা হয় ৷ নৱাগত আদৰণী সভাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত এক অন্তৰংগ আলাপৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

কলেজখনৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ ফ'ৰামৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ চলিহা ৷

চলিহাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত ছাত্ৰ সমাজে কেনেকৈ এখন সুন্দৰ মানৱ সমাজ গঢ় দিব লাগে তাৰ ওপৰত এক সুন্দৰ বক্তব্য দাঙি ধৰে ৷ বিশিষ্ট অতিথি হিচাপে ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুসূয়া শৰ্মা উপস্থিত থাকি ছাত্ৰী-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব লাগে তাৰ ওপৰত নিজৰ চমু বক্তব্য আগবঢ়ায় ৷

নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ৷  কলেজখনৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক শিক্ষক অধ্যাপক ডঃ হাচিনুচ চুলতানে আঁত ধৰা অনুষ্ঠানত কলেজখনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক নজৰুল হুছেইনে লিখি উলিওৱা (জেনাৰেল চছিঅ'লজী) সাধাৰণ সমাজ তত্ব বিষয়ক গ্ৰন্থখন উন্মোচন কৰা হয় ৷

আনফৰ আলী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক নজৰুল হুছেইনৰ General Sociology সাধাৰণ সমাজ তত্ব বিষয়ক গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কলেজ সমূহৰ স্নাতক মহলাৰ (গুৰু বিষয়ক) পঞ্চম ষান্মাষিকৰ অন্তৰ্ভুক্ত ৷

একেখন সভাতে কলেজখনৰ ৰাজনীতি বিজ্ঞীন বিভাগৰ অধ্যাপক ডঃ আদিদুৰ ৰহমান আৰু নজৰুল হুছেইনে যুটিয়াভাৱে লিখি উলিওৱা " Introduction to Political theory" "ৰাজনৈতিক তত্ব দৰ্শন" নামৰ কিতাপখনো উন্মোচন কৰা হয় ৷

এই গ্ৰন্থখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাষিকৰ মেজৰ আৰু নিয়মীয়া কৰ্ছৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত ৷

হাজী আনফৰ আলী মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকে লিখা গ্ৰন্থ কলেজৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে উল্লসিত কৰি তুলিছে ডবকাবাসীক ৷

Your Comments