দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰীক ভোটদানৰ হাৰ ৭৬.৫২, ১৩০ টা ভোটকেন্দ্ৰত ইভিএম বিসংগতি

Assam election 2021

১ এপ্ৰিলত অসমৰ ১৩ খন জিলাৰ মুঠ ৩৯ টা সমষ্টিৰ ১০,৫৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিতি হয় ৷ গোটেই কেইটা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ ৭৬.৫২ শতাংশ। ৭৩,৪৪,৬৩১ ভোটাৰে এই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্যসূচীত নিজৰ অধিকাৰ সাব্যস্ত কৰে।

জানিব পৰা অনুসৰি, বৈঠালাংচ’ত ৭৩.৩৭%,ওদালগুৰিত ৭৫.৬০%,নগাঁৱত ৭৮.১০%,ৰহাত ৭৮%,বোকাজানত ৭৬.২৫,৮১.৫৩%,জাগীৰোডত ৭৮.৯০%,ৰঙিয়াত ৭৩.৬০%, যমুনামুখত ৬৩.৫৩%,কমলপুৰত ৭৩.১৫%,মঙলদৈত ৭৮%,মৰিগাঁৱত ৮১.২৪%,লামডিঙত ৬৯.৫২%,পানেৰীত ৭৬.৫০%, দলগাঁৱত ৮১.৭০%,বঢ়মপুৰত ৭৭%,নলবাৰীত ৮১.৫৩ % লোকে ভোটদান কৰে। কাছাৰৰ লক্ষীপুৰত সৰ্বনিম্ন ৭০.১২ শতাংশ লোকে ভোটদান কৰাৰ বিপৰীতে মৰিগাঁও জিলাৰ লাহৰীঘাটত সৰ্বাধিক ৮৭.২৯ শতাংশ লোকে ভোটদান কৰে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতি ঘটা পৰিলক্ষিত হয়। ফলত বহু কেইটা ভোটকেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব হয়। খবৰ অনুসৰি, ১৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম সলনি কৰিবলগীয়া হ’ল।

Your Comments