কালিলৈ হ’ব ৰাজ্যৰ ৩৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ ৷ ৩৪৫ গৰাকী প্রাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৷
দ্বিতীয় পৰ্যায়ত ভোট দান কৰিব মুঠ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্যসূচীত ৮০ বছৰৰ ঊৰ্ধ্বৰ ২১,২৮১ গৰাকী ব্যক্তিলৈ পোষ্টেল বেলটৰ ব্যৱস্থা কৰাৰ উপৰিও ৫,৪০৭ গৰাকী দিব্যাংগ ভোটাৰলৈও পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে
জানিব পৰা অনুসৰি কালিলৈ হ’ব লগা ভোটদান কাৰ্যসূচীত ২,৬৫,৮৮৬ গৰাকী ভোটাৰেৰে সৰ্বাধিক ভোটাৰ আছে হোজাই সমষ্টিত ৷ আনহাতে, ১,৩২,৩৩৯ গৰাকী ভোটাৰেৰে সৰ্বনিম্ন ভোটাৰ আছে হাওৰাঘাট সমষ্টিত ৷ ইয়াৰ বিপৰীতে, আলগাপুৰ সমষ্টিত আছে সৰ্বোচ্চ ১৯ গৰাকী প্রাৰ্থী আৰু ওদালগুৰি সমষ্টিত সৰ্বনিম্ন দুগৰাকী প্রাৰ্থী ৷
- Log in to post comments
- 47 views