#বিশেষ প্ৰতিবেদক,হাজো,৩১ মাৰ্চ:
"হিন্দু-মুছলমানৰ সমন্বয়ৰ মিলনভূমি তীৰ্থনগৰী হাজোলৈ আহি মই অভিভূত হৈছোঁঁ।হিন্দু-মুছলমান আমি এনেকৈয়ে মিলিজুলি থাকিব লাগিব।ভাৰতবৰ্ষত এটাই মাত্ৰ ৰাজনৈতিক দল আছে,যিটো দলে হিন্দু-মুছলমানক সমঅধিকাৰ দি আহিছে"-এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি হাজোত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। হাজোৰ মিত্ৰজোঁঁটৰ প্ৰাৰ্থী তথা বিধায়কা সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বিয়লি অনুষ্ঠিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসঙ্গত লগতে কয় : "বিজেপি চৰকাৰৰ মূল লক্ষ্যই হ'ল 'সব কা সাথ সব কা বিকাশ'।বিগত সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল।কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ হোৱাৰ পিছত অসমৰ উন্নয়ন যথেষ্ট হৈছে।ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৬খন দলং নিৰ্মাণ কৰা হৈছে। পাঁচ লাখতকৈও অধিক লোকক মাটিৰ পট্টা দিয়া হৈছে।মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত হিন্দু-মুছলমান বুলি কোনো ভেদ ভাৱ কৰা হোৱা নাই।ভাষণ প্ৰসংগত কংগ্ৰেছ-এআইইউদিএফক কটাক্ষ কৰি অমিত শ্বাহে কয়:"অসমত কংগ্ৰেছ শাসনলৈ আহিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। কাজিৰঙা আৰু সত্ৰৰ ভূমি বেদখলকাৰীৰ পক্ষ লোৱা আজমলৰ লগ লাগিছে কংগ্ৰেছে। কংগ্ৰেছৰ লগতে বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ কয় :"অসমত আতংকবাদ নিৰ্মূল কৰি এখন সমৃদ্ধিশালী, বিকশিত অসম গঢ়ি তোলাটোৱেই বিজেপিৰ মূল লক্ষ্য।"
চৰকাৰে আগবঢ়োৱা কেতবোৰ জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি পুনৰবাৰ বিজেপি চৰকাৰ আহিলে অসমৰ ১০লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়া হ'ব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।খোদ অমিত শ্বাহে হাজোৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক দলীয় টিকট দিয়া বুলি সদৰি কৰি তেওঁ হাজো সমষ্টিৰ ৰাইজক প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।এই নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে বৈজয়ন্ত পাণ্ডা,সাংসদ দিলীপ শইকীয়া,কুইন ওজা,মন্ত্ৰী কেশৱ মহন্ত,অগপ নেতা নুৰুল হুছেইন আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে।
- Log in to post comments
- 17 views