*ঘগ্ৰাপাৰৰ খাতিকুছিত মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুুুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীৰ হুংকাৰ*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ মাৰ্চঃ
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ আজি অন্তিম দিনা নলবাৰী সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ ঘগ্ৰাপাৰ ব্লকৰ অন্তৰ্গত খাতিকুছি-সাগৰকুছি খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় সাত সহস্ৰাধিক লোকক উদ্দেশ্য কৰি হাগ্ৰামা মহিলাৰীয়ে ভাষণত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। সভাৰ শেষত সংবাদ মাধ্যমৰ লগত হোৱা মুখামুখিত হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে এইবাৰ দিছপুৰৰ পৰা হিমন্ত আউট আৰু হাগ্ৰামা ইন হ'ব। কংগ্ৰেছ মহাজোঁটে ৭০ খনতকৈ অধিক আসন পোৱাৰ বিপৰীতে বিজেপিয়ে পাব ২৫ ৰ পৰা ৩০ খন আসন।আনহাতে,নিৰ্বাচনী সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োলৈয়ো তীব্ৰ বাক্যবান নিক্ষেপ কৰে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাই কয়-"প্ৰমোদ বড়ো হৈছে এটা বেপাৰী। অসমৰ বিষয়ে প্ৰমোদ বড়োৱে একো নাজানে। দিল্লীত বড়ো জাতিক বিক্ৰী কৰি আহিছে।" ইপিনে, ২ মে'ৰ দিনা বিজেপিৰ শ্ৰাদ্ধ অনুষ্ঠিত হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছ সভাপতি ভুৱনেশ্বৰ কলিতাই আঁত ধৰা সভাখনত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই আদৰণি ভাষণ দি ৰাইজক ভোট দিবলৈ আহ্বান জনায়।
সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, সাংসদ আব্দুল খালেক,চি পি আই (এম) নেতা ৰবীন মিশ্ৰ আদিয়ে ভাষণত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। নলবাৰীত মহাজোঁটৰ প্ৰাৰ্থী ভূঞাৰ বিজয়ী নিশ্চিত বুলি কংগ্ৰেছ নেতাসকলে ভাষণত সদৰি কৰে।
- Log in to post comments
- 18 views