তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰচাৰ তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে।
ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত বিজেপি দলৰ লগতে মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ দলেও প্ৰচাৰ চলাইছে।
৩০ মাৰ্চত আমিনগাঁৱত অসম গণ পৰিষদৰ আমিনগাওঁ আঞ্চলিক শাখাৰ উদ্যোগত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়।অঞ্চলটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াই।শইকীয়াই তেওঁৰ নিৰ্বাচনী ভাষণত ড: হিমন্ত বিশ্ব শৰ্মাৰ বিগত সময়চোৱাৰ কামসমূহৰ বাবে আগন্তুক নিৰ্বাচনত সমষ্টিবাসী প্ৰতিগৰাকী ভোটাৰে বিজেপিক অথবা ড: শর্মাক ভোট দিব বুলি মতপোষণ কৰে।
সভাৰ উদ্দ্যেশ্য বাখ্যা কৰে অসম গণ পৰিষদৰ জালুকবাৰী বিধান পৰিষদৰ উপ-সভাপতি শংকৰ দাসে। নিবাৰ্চনী সভাৰ আঁত ধৰে জালুকবাৰী বিধান পৰিষদৰ
সাধাৰণ সম্পাদক আশিক চৌধুৰীয়ে।সভাৰ শেষত সকলোকে শলাগৰ শৰাই আগবঢ়ায় চন্দনজ্যোতি দাসে।
- Log in to post comments
- 25 views