হাজোত মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক মহিলা মৰ্চাৰ নেত্ৰী অপৰাজিতা ভূঞাৰ

Pic

#বিশেষ প্ৰতিবেদক হাজো,২৯ মাৰ্চঃ

হাজো সমষ্টিত ক্ৰমাৎ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ষ্টাৰ কেম্পেইনাৰসকলে নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে পঞ্চায়তে পঞ্চায়তে সভা পাতি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ৫৫ নং হাজো বিধানসভা সমষ্টিতো বিজেপি মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিজেপিৰ কেন্দ্ৰীয় তথা ৰাজ্যিক নেত্ৰী।হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ ইন্দুবালা গোস্বামী,ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা,উপ- সভানেত্ৰী তথা হাজো সমষ্টিৰ প্ৰভাৰী স্মিতা ৰয়ে কালি নিশালৈ হাজো মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সমষ্টিটোৰ ১নং হাজো  
গাও পঞ্চায়তৰ অন্তৰ্গত ভৰালীটোলা,বৰচাপৰি,কৈৱৰ্ত্তটোলা(দামোদৰটোলা) গণেশটোলা কুমাৰপাৰা আদি ঠাইত সভা পাতি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি ভোটাৰ ৰাইজৰ ওচৰ চাপে। বিজেপি নেতা বিশ্বজিৎ বিশ্বাসীয়ে আঁঁত ধৰা সভাত ৰাজ্যিক নেত্ৰী অপৰাজিতা ভূঞাই বিগত পাঁঁচ বছৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজো সমষ্টিত বাট-পথকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।তেওঁলোকক সংগ দিয়ে উত্তৰ কামৰূপ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী নমিতা কলিতা চৌধুৰী,ৰাজ্যিক কাৰ্যালয় সম্পাদিকা মিনাক্ষী পাটোৱাৰী ডেকা,১ নং হাজো মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মিতালী ভৰালী,নিৰ্বাচনী কমিটিৰ সভাপতি ৰমেন বেজবৰুৱা,ভাস্কৰ ভৰালী,দিপাঞ্জলী দাস,ব্ৰজেন ভৰালী প্ৰমুখ্যে দলীয় নেতা-কৰ্মীসকলে।


---------------------------------------------------------------

Your Comments