নলবাৰীত ষ্টাৰ কেম্পেইনাৰ অবিহনে নিৰ্বাচনী প্ৰচাৰৰ সমাপ্তিৰ দিশে জয়ন্তমল্ল বৰুৱা

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৯ মাৰ্চঃ 

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰাৰ আগমুহূৰ্তত নলবাৰীত মিত্ৰজোঁট,মহাজোঁট আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।তিনিওটা দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে বিগত দুদিনত বাইক ৰেলী আৰু ৰোড শ্ব'ৰে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ পিছত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই আজি সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰত চাৰিখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ কাষ চাপে।লক্ষণীয়ভাৱে ৰাজ্যৰ বিভিন্ন সমষ্টিত প্ৰতিটো দলৰে প্ৰাৰ্থীৰ হৈ  ষ্টাৰ কেম্পেইনাৰেৰে ভৰি পৰাৰ বিপৰীতে নলবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই নিতৌ একাংশ দলীয় কৰ্মীক লগত লৈ নিজে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰা দেখা গৈছে। প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত ভোটাৰ ৰাইজৰ ব‍্যাপক সঁহাৰি লাভ কৰা বুলি দাবী কৰিছে।

আজি সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ অঞ্চলত বিলপাৰ,নিজখগটা,চিলিং আৰু খাতিকুছিত চাৰিখন সভা সম্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।নিৰ্বাচনী সভাকেইখনত প্ৰাৰ্থীগৰাকীয়ে ভাষণ প্ৰসাংগত কংগ্ৰেছ দল নিৰ্বাচনৰ পিছত আত্মসহায়ক গোটৰ দৰে হ’ব বুলি উল্লেখ কৰি অসমত বিগত পাঁচ বছৰত উন্নয়নৰ জোৱাৰ উঠিছে বুলি মন্তব্য কৰে।"কংগ্ৰেছে ১৫ বছৰে শাসন কৰি যি উন্নয়ন কৰিছে,তাৰ তুলনাত বিজেপিয়ে বিগত ৫ বছৰত বহুত উন্নয়নমূূলক কাম কৰিছে।অকল পৰিৱৰ্তন বা উন্নয়নে আমাৰ জীৱনৰ সুৰক্ষা আনিব নোৱাৰে।আজি আমাৰ জাতিটো সুৰক্ষিত হয়নে নহয়, সেইটোহে গুৰুত্বপূৰ্ণ"-বৰুৱাই কয়।এইবাৰৰ নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন নহয়।এয়া অসমৰ জাতীয় জীৱনৰ মহাৰণ।এই ৰণত জিকিলে আমাৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব আৰু হাৰিলে আমাৰ ভৱিষ্যত জীৱন অন্ধকাৰ হ'ব বুলি মন্তব্য কৰি জয়ন্তমল্ল বৰুৱাই নলবাৰীৰ ভোটাৰ ৰাইজ বিজেপিৰ লগত আছে বুলি দাবী কৰে।সেয়েহে তেওঁ ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন অনুভৱ কৰা নাই বুলি এক সাক্ষাৎকাৰত সদৰি কৰে।

প্ৰচাৰ অভিযানত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সভাপতি হেমন্ত বৰ্মন, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী আদিয়ে।

Your Comments