#বিশেষ প্ৰতিবেদক,হাজো,২৯মার্চ:
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে। যি যেনেকৈ পাৰে ভোটাৰৰ মন জয় কৰাত উঠি পৰি লাগিছে।এই ক্ষেত্ৰত পিছ পৰি থকা নাই অসম জাতীয় পৰিষদৰ হাজো সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদো।
আজি হাজোৰ বৰছলি অঞ্চলৰ গাঁওবুঢ়া পাম,পণ্ডিতৰ পাম, তাপাবৰী,বঙাল পাৰা ২নংভেলকৰ,খলিহামাৰী, শৌলমাৰীত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি তেওঁ ভাষণ প্ৰসংগত কয় : বিগত বিধানসভা নিৰ্বাচনত কম ভোটৰ ব্যাৱধানত হাৰিছিলো যদিও মই সমষ্টিৰ দুখীয়া লোকক সহায়ৰ হাত আগবঢ়াই আহিছোঁ।মুছলমানক তুচ্ছ-তাচ্ছিল্য কৰা বিজেপিৰ হাজোত এইবাৰ পদুম ফুল মৰহি যাব।মৰহি যোৱা পদুমৰ ওপৰেৰে পানী জাহাজ দিছপুৰত যাব বুলিও সুমন হৰিপ্ৰিয়াক কটাক্ষ কৰে।লগতে গোমূত্ৰ সেৱন কৰিলে ক'ৰ'না মহামাৰীৰ পৰা পৰিত্ৰাণ পাব বুলিও বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক কটাক্ষ কৰে আহমেদে।আজি হাজোৰ চৰ অঞ্চলত দুলু আহমেদক ৰাইজে ফটকা,আতচবাজী ফুটাই বিপুলভাৱে আদৰণি জনায়।লগতে বৰছলি অঞ্চলত অনুষ্ঠিত পথ সভাত দুই সহস্ৰাধিক সংখ্যালঘু লোকে কংগ্ৰেছ-অগপৰ পৰা অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।
আজিৰ এই পথ সভাত দুলু আহমেদক সংগ দিয়ে অসম জাতীয় পৰিষদৰ নেতা জিন্নত আলী আহমেদ, বামুন্দী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত কলিতা,ইছমাইল হুছেইন, বঙালপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহমত উল্লাহ, প্ৰাক্তন আঞ্চলিক সদস্য ইছলামুদ্দিন আহমেদ, মইনুল হক,মোমিন আলী সিকদাৰ,আব্দুছ ছামাদ প্ৰমুখ্যে শতাধিক কৰ্মী-সমৰ্থকে।
- Log in to post comments
- 12 views