ছয়গাঁৱৰ আচলপাৰাত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস:

ৰাজ্যত সম্প্ৰতি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিও ৷ এইবেলি সমষ্টিটো উদ্ধাৰৰ বাবে প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ প্ৰাৰ্থী ডাঃ কমলা কলিতা  আৰু বিজয়ৰ হেট্ৰিক অৰ্জনৰ লক্ষৰে কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে যুদ্ধংদেহী তৎপৰতাৰে দিনে-নিশাই ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ এনে অৱস্থাত গৰৈমাৰীৰ আচলপাৰাত দেওবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ এখনি বিশাল নিৰ্বাচনী সভা ৷ আচলপাৰা মণ্ডল কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি বিল্লাল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাখনত মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে অংশগ্ৰহণ কৰি এইবাৰ এক লাখ ভোট লাভ কৰি জয়ী হ'ব বুলি প্ৰকাশ কৰাৰ লগতে দক্ষিণ কামৰূপ জিলা পুনৰ কাঢ়ি অনাৰ সংকল্প লোৱাৰ কথা দোহাৰে ৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত সংগ দিয়ে ৰেকিবুদ্দিন আহমেদৰ সহধৰ্মিনী তথা সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ কো-অৰ্ডিনেটৰ নুৰী আহমেদে ৷ সভাত ৰাইজক প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি নুৰী আহমেদে বিজেপি চৰকাৰে এনআৰচিৰ হিয়াৰিঙৰ নামত সাধাৰণ ৰাইজক কৰা অবৰ্ণনীয় হাৰাশাস্তিৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে ৷ এই নিৰ্বাচন জাতি ৰক্ষাৰ আৰু  আত্মৰক্ষাৰ নিৰ্বাচন বুলিও প্ৰকাশ কৰে নুৰী আহমেদে ৷ হিমন্ত বিশ্ব শৰ্মাই মিঞা মুছলমান মহিলাক কৰা তুচ্ছ-তাচ্ছিল্যৰ প্ৰত্যুত্তৰ অহা ৬ এপ্ৰিলত ইয়াৰ মহিলা সমাজে দিব বুলিও উল্লেখ কৰে নুৰী আহমেদে ৷ ইফালে, নিৰ্বাচনী সভাখনত অসম জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মিৰাজুল ইছলাম ,অগপ দল শূন্য কৰি বাতাহিদিয়া গাঁঁও পঞ্চায়তৰ অগপ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভাপতি আলতাফ হুছাইনৰ লগতে ভালেসংখ্যক অগপ কৰ্মী আৰু আছু কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। নিৰ্বাচনী সভাখনত এআইইউডিএফ দলৰ কামৰূপ জিলাৰ সভাপতি কালিন্দ্ৰ ডেকা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছামচুল হক, গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি লোতমান হুছেইন প্ৰমুখ্যে কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ আৰু পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ৷

 

Your Comments