অভয়াপুৰীত অৱহেলিত সুধাকণ্ঠ

অভয়াপুৰীত অৱহেলিত সুধাকণ্ঠ

অভয়াপুৰীৰ কঞা-কুঁজিয়াস্থিত সুধাকণ্ঠ ড: ভূপেন হাজৰিকা মঞ্চত সুধাকণ্ঠৰ জন্মদিন উপলক্ষে দিনৰ ১১ বজালৈকে নজ্বলিল এগছি চাকি ৷

সমগ্র অসমত ডঃ ভূপেন হাজৰিকাৰ ৯২সংখ্যক জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা সময়ত অভয়াপুৰীৰ সমীপৱৰ্তী তথা টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কঞা-কুঁজিয়া উদ্যানস্থিত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ সোঁৱৰণি মঞ্চত এগছি চাকি জ্বলাবলৈও সময় নহ'ল উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰীৰ ।

ইয়াৰ পৰিৱৰ্তে কেইজনমান স্থানীয় সচেতন যুৱকে প্ৰায় ১১মান বজাত সুধাকণ্ঠক সন্মান জনায় এগছি চাকি জ্বলায় ।

উল্লেখ্য যে সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ পিছতহে উন্নয়ন খণ্ডটোৰ কৰ্মচাৰীৰ গা লৰিল ৷

লগে লগে অতিশয় কদৰ্যময় হৈ থকা মঞ্চখন চাফ-চিকুণ কৰাত ব্যস্ত হৈ পৰে ।

Your Comments