ৰাজ্য চৰকাৰৰ কেবিনেট সমিতিয়ে গ্ৰহণ কৰা মহানগৰ সম্প্ৰসাৰণ সিদ্ধান্তক হঠকাৰী অথবা জনগণবিৰোধী বুলি দাবী কৰি এক সংবাদমেল পাতি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল ৰাভা ছাত্ৰৰ সন্থাৰ কামৰুপ জিলা সমিতিয়ে ৷
দিনৰ ২ বজাত বকোস্থিত পৰ্যটন ভৱনত এক বিশাল সংবাদমেল পাতি কামৰুপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেনসিং ৰাভাই প্ৰকাশ কৰামতে যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ নীতি-নিয়ম মানি চলিবলগা হয় ৷
ইয়াত ট্ৰাইবেল ছাবপ্লেন নীতিৰ ব্যৱস্থা প্ৰৱৰ্তন থকাৰ মাজতে অসম চৰকাৰে যোৱা ১৬ অক্টোবৰ; ২০১৭ তাৰিখে ৰাজ্যৰ তদানীন্তন ৰাজ্যপালে এ এছ চি আৰ ডি এ বিলত সন্মতিৰ স্বাক্ষৰ কৰে আৰু উক্ত মাহৰে ২৬ তাৰিখে গেজেট নোটিফিকেচন কৰে ৷
এই কথাটো দুৰ্ভাগ্যজনক আৰু অসমৰ খিলঞ্জীয়া জনগণৰ মৰণফাণ্ড সদৃশ বিল ৷ চৰকাৰে জি এম ডি এৰ সম্প্ৰসাৰণ কৰিব বিচৰা সময়ৰে পৰা এই ৰাভা হাছং এলেকাত ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত বহু জাতীয় সংগঠনৰ সহযোগত বকো, ছয়গাঁও, পলাশবাৰী, ৰাণী আদি এলেকাত যাতে খিলঞ্জীয়া লোকৰ সাংবিধানিক অধিকাৰ খৰ্ব নহয় তাৰবাবে চৰকাৰবিৰোধী আন্দোলন অব্যাহত ৰখা হৈছিল ৷
এই আন্দোলনৰ দ্বাৰা ধৰ্মঘট, স্মাৰক-পত্ৰ প্ৰদান, জোঁৰ সমদল, অসম বন্ধ , গণসমাবেশ পাতি চৰকাৰক জি এম ডি এৰ সম্প্ৰসাৰণ বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছিল ৷ ঠিক তেনেকৈ ২০১৭ চনৰ ৭ অক্টোবৰত জি এম ডি এৰ বিৰোধিতা কৰা সংগঠন আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ মাজত সৌহাৰ্দ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷
প্ৰকাশ্য যে মুখ্য মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মুখ্য মন্ত্ৰীয়ে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হ'ব পৰা কোনো জাতিধ্বংসী বিল আইনত পৰিণত কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কাৰ্যতঃ মুখ্য মন্ত্ৰীৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ মিথ্যাচাৰত পৰিণত হ'ল ৷
সংবাদমেলত উপস্থিত থাকি নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজ কুমাৰ ৰাভা, আৰছুৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক প্ৰদীপ ৰাভা, ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেণ চন্দ্ৰ ৰাভা, এছ এছ ডি চিৰ সম্পাদক নৃপেন ৰাভাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপক তীব্ৰ ধিক্কাৰ দি কয় যে যিকোনো ত্যাগৰ বিনিময়ত জি এম ডি এৰ সম্প্ৰসাৰণ ৰোধ কৰিব ৷
লাগিলে জংগী প্ৰথা অৱলম্বন কৰা হ'ব বুলিও সকীয়াই দিয়ে ৷ 'হয় মৰিম, নহয় মাৰিম' এই শ্লোগানেৰে জি এম ডি এৰ সম্প্ৰসাৰণ বন্ধ কৰিম বুলি চৰকাৰক সকীয়নি দি সংবাদমেলত প্ৰকাশ কৰে ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ৷
- Log in to post comments
- 19 views