*১০ হাজাৰ বাইকৰ ৰেলীৰে শক্তি প্ৰদৰ্শন*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭ মাৰ্চঃ
নলবাৰী সদৰ বিধানসভা সমষ্টিত মিত্ৰজোঁট আৰু মহাজোঁটে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। সমষ্টিটোৰ ১৯ খন গাঁও পঞ্চায়তত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই প্ৰচাৰ অভিযান চলাই এক আকৰ্ষণীয় ৰূপ দিয়াৰ সময়তে আজি দুপৰীয়া ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰৰ পৰা "বিজয় সংকল্প বাইক মহাৰেলী" উলিয়াই শক্তি প্ৰদৰ্শন কৰে। ভাৰতীয় জনতা যুৱ মৰ্চা, নলবাৰী জিলা সমিতিৰ উদ্যোগত উলিওৱা বৃহৎ ৰেলীটো ঘগ্ৰাপাৰ হাইৱে চ'ক হৈ বৰাজোল-খাতিকুছি-জাজিয়াবাৰী-পাইকাৰকুছি,খাটা পঞ্চায়তৰ মাজেৰে নলবাৰী টাউন হৈ বাঁহজানী মৌজাৰে প্ৰায় ৫০ কিলোমিটাৰ সমষ্টিটোৰ পথ পৰিভ্ৰমণ কৰি বাঁহজানী গোপন থানত সামৰণি পৰে।
মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই বৃহৎ বাইক ৰেলীটোত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজে মিত্ৰজোঁটৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে।ইয়াৰ জ্বলন্ত উদাহৰণ আজিৰ এই বাইক ৰেলীত প্ৰায় ১০ হেজাৰ যুৱ কৰ্মীয়ে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি উল্লেখ কৰি নলবাৰীত মিত্ৰজোঁটৰ বিজয়ী নিশ্চিত বুলি দাবী কৰে।তেওঁ এইবাৰ ১ লাখ ২০ হেজাৰ ভোট লাভ কৰিবলৈ সক্ষম হ'ব বুলি সদৰী কৰাৰ বিপৰীতে মহাজোঁটে ২০ হাজাৰতে সীমাবদ্ধ থাকিব বুলি উল্লেখ কৰে। প্ৰাৰ্থীগৰাকীয়ে লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালোচনা কৰি এই দুয়োটা দলৰ মিত্ৰতা অসমৰ বাবে অশুভ ইংগিত।এই দুয়োটা দলে অসমৰ ভাষা-সাহিত্য-সংস্কৃতি সভ্যতাৰ বিকাশত বাধা দিব বিচাৰে।আমি ইয়াক শক্তিশালীভাৱে প্ৰতিহিত কৰিব লাগিব।জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়।আজি এই বৃহৎ বাইক ৰেলীত জয়ন্তমল্ল বৰুৱাক সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন,নলবাৰী জিলা পৰিষদ সভাপতি নিতুল ডেকা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা আদিয়ে।উল্লেখ্য যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ আজি এই বৃহৎ বাইক ৰেলীৰে সমষ্টিটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি শক্তি প্ৰদৰ্শন কৰাৰ পিছত মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই কেনে ধৰণেৰে শক্তি প্ৰদৰ্শন কৰে,সেয়া বিভিন্ন মহলত চৰ্চিত হৈছে।মুঠৰ ওপৰত নলবাৰীত যে এইবেলি মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজতে নিৰ্বাচনী যুঁঁজ সীমাবদ্ধ থাকিব সেয়াও নিশ্চিত হৈ পৰিছে।
- Log in to post comments
- 22 views