ৰাজ্যৰ ৪০টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান জেডিইউৰ

Pic

ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ৪০টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে জনতা দল ইউনাইটেডে।দলটোৱে ইতিমধ্যে চলাবলৈ আৰম্ভ কৰিছে। প্ৰচাৰ অভিযান।দলটোৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাবৰ বাবে অসমলৈ আহে জেডিইউৰ বিহাৰৰ লোকসভা সাংসদ ৰামপ্রীত মণ্ডল।নগাঁও,ৰূপহীহাটত  নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদগৰাকীয়ে।

গুৱাহাটীত জনতা দল ইউনাইটেভশডৰৰাজ্যিক মুখ্য কাৰ্য্যলয়ত উপস্থিত হৈ মণ্ডলে কয়-'বিহাৰৰ দৰে উন্নয়নৰ স্বাৰ্থত অসমত ৪০টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ।'

ইফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনসাধাৰণৰ আশাপূৰ্ণ সহাৰি পোৱা বুলি উল্লেখ কৰি তেওঁ কয়-"কা' সন্দৰ্ভত অসমৰ জনসাধাৰণৰ স্থিতিত থাকিব জেডিইউ।'

'বিহাৰ বৰ্তমান এখন উন্নত ৰাজ্য।২৪ ঘণ্টাই পানী,বিজুলী পায় জনতাই।বিহাৰৰ উন্নয়নৰ আৰ্হিৰে  অসমত নিৰ্বাচনী বৈতৰণী আমি পাৰ হ'বলৈ বিচাৰোঁঁ'-মণ্ডলে কয়।

ইফালে,দলটোৰ ৰাজ্যিক সভাপতি ডেভিদ ৰংপীয়ে বিধানসভাৰ নিৰ্বাচনত ২৮খন আসনত জয়ী হোৱাটো নিশ্চিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।বানপানী, নিবনুৱা সমস্যাক মূল বিষয় হিচাপে লৈ দলটোৱে আগবাঢ়িব বুলি তেওঁ কয়।

আনহাতে,দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ বাবে দলটোৰ মহিলা মৰ্চাৰ আহ্বায়ক মুনমুন দেউৰীক দলৰ পৰা ৬বছৰৰ বাবে নিলম্বন কৰা বুলিও ৰংপীয়ে লগতে কয়।

Your Comments